বোকাখাত : অসমত বসবাস কৰা চুতীয়া জাতিক স্বায়ত্ব শাসনৰ আৰু জনজাতিকৰণৰ নিদিয়াৰ প্ৰতিবাদত আজি বোকাখাতত চুতীয়া জাতি ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহেন বৰা আৰু বোকাখাত মহকুমাৰ সম্পাদক লাচিত কাকতীৰ নেত়ৃত্বত প্ৰতিবাদ কাৰী সকলে বোকাখাত নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰতে অৱস্থান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল , হিমন্ত বিশ্ব শৰ্মা আৰু চন্দন ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰে ৷
প্ৰতিবাদ স্থলীত চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান আৰু জনজাতিকৰণৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ শেষতীয়াকৈ মৰাণ, মটক আৰু কোচ ৰাজবংশী এই তিনিটা জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰি চুতীয়া আহোম আৰু চাহ জনগোষ্ঠীৰ জাতিৰ লোক সকলক সৰ্বানন্দ সোনোৱাল চৰকাৰে প্ৰতাৰণা কৰা বুলি প্ৰতিবাদ থলীত মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে ৷
তিনিটা জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰি অসম চৰকাৰে মুলত ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ ঐক্যবদ্ধ সংগ্ৰামত বিভাজন কৰিব বিচাৰিছে বুলি তেওঁ মন্তব্য কৰে ৷ ইফালে প্ৰতিবাদ থলীতে কেন্দ্ৰীয় সম্পাদক মহেন বৰাই আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ পুনৰ গঠনত নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলিও উল্লেখ কৰে।










