নিউজ ডেক্স:
দিল্লী আৰক্ষীৰ জালত ৯০ কোটি টকা মূল্যৰ ড্ৰাগছসহ অসমৰ ২ যুৱক।নতুন দিল্লী আৰক্ষীৰ বিশেষ শাখাই শুকুৰবাৰে ২৩ কিলোগ্ৰাম হিৰোইন সহ গ্ৰেপ্তাৰ কৰে গোলাঘাট জিলাৰ দুজন যুৱকক।লগতে গ্ৰেপ্তাৰ হয় বিহাৰৰ বেগুচৰাই জিলাৰ তিনিজন যুৱক।
অসমৰ যুৱক কেইজনৰ নাম হৈছে নিত্যানন্দ আৰু ৰাহুল সন্দিকৈ। বিহাৰৰ কেইজনৰ নাম উদয় কুমাৰ, সুবোধ দাস আৰু সঞ্জীৱ কুমাৰ।
যুৱককেইজনে ম্যানমাৰৰ পৰা এই সামগ্ৰীসমূহ ক্ৰয় কৰিছিল। আৰু পিছত মণিপুৰ আৰু অসম হৈ দিল্লীলৈ লৈ আহিছিল। যুৱককেইজনৰ পৰা উদ্ধাৰ হোৱা সামগ্রী সমূহৰ মূল্য আৰক্ষীয়ে নিৰ্ধাৰণ কৰা মতে প্ৰায় ৯০ কোটি টকা।










