নিউজ ডেক্স:
গেছতকৈ সস্তাত বিকল্প ব্যৱস্থা ল’ব কেন্দ্ৰীয় চৰকাৰে।বিদ্যুত্ মন্ত্ৰণালয়ে কোৱা মতে, সমাজৰ দুখীয়া লোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সস্তাত এটা বিকল্প পদ্ধতি শীঘ্ৰে।
এই সন্দৰ্ভত বিদ্যুত্ মন্ত্ৰীয়ে কয় যে, দখীয়া লোকে নিজৰ প্ৰয়োজনীয় খিনি পূৰণ কৰিবলৈ সস্তাত বিকল্প ৰূপত বিদ্যুতৰ ব্যৱস্থা কৰিব পাৰিব। ইয়াৰ জৰিয়তে দেশ আত্মনিৰ্ভৰশীল হোৱাৰ লগতে পেট্ৰ’লিয়ামৰ ওপৰত অধিক নিৰ্ভৰ কৰাৰ প্ৰৱণতা আঁতৰিব।
বিদ্যুত্ মন্ত্ৰী আৰ কে সিঙে লগতে কয় যে, বিদ্যুত্ ভাৰতৰ ভৱিষ্যত, আৰু অনাগত সময়ত দেশৰ বহুখিনি সুবিধা বিদ্যুতৰ জৰিয়তেই প্ৰদান কৰা হ’ব। চৰকাৰে মন্ত্ৰালয় স্তৰত এটা পাৱাৰ ফাউণ্ডেশ্যন গঠন কৰাৰ প্ৰস্তাৱ দিছে।
ইয়াৰ ভিতৰত ৰন্ধা-বঢ়া কৰাৰ বাবে কেৱল বিদ্যুত্ ব্যৱহাৰ কৰাৰ কথা উল্লেখ আছে। সিঙে কয় যে, আমাৰ চৰকাৰে দুখীয়াৰ কল্যানৰ বাবে কাম কৰি আছে। এই পদক্ষেপে সমাজৰ দুখীয়া লোকক ৰন্ধা বঢ়া কৰাৰ ক্ষেত্ৰত বিশেষ ভাবে সকাহ দিব।
উল্লেখযোগ্য যে, বৰ্তমান কেন্দ্ৰীয় চৰকাৰে উজ্জ্বলা আঁচিনৰ অধীনত গেছ চিলিণ্ডাৰ প্ৰদান কৰিছে দুখীয়া লোকক।










