মনোজ কুমাৰ পাঠক
লংকা : হোজাই জিলাৰ ৰে’ল নগৰী লামডিংত উপস্হিত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীগৰাকী লামডিংত উপস্হিত হৈয়ে প্ৰথমে লামডিংৰ কালীবাড়ীস্হিত কালি মন্দিৰত দৰ্শন কৰাৰ লগতে নদীপাৰ নামঘৰ, আৰু শীতলাবাড়ীৰ শীতলা মন্দিৰত ভগৱানৰ শ্ৰী শৰণত সেৱা গ্ৰহণ কৰে। পিছত বিয়লী ভাগত অসম চৰকাৰৰ মৈথী আঁচনিৰ অধিনত নিৰ্মাণ হোৱা নৱ-নিৰ্মিত লামডিং আৰক্ষী থানাৰ শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী মহোদয়ে।
অসম দৰ্শন আঁচনি অধীনত লামডিং শীতলা মন্দিৰত, কালীমন্দিৰ আৰু নদীপাৰ নামঘৰলৈ ১০ লাখ টকাকৈ অনুদান অসমৰ মুখ্যমন্ত্ৰীৰ। ৰে’ল নগৰী উন্নয়ণৰ বাবে মাছ বজাৰৰ এটা নতুন বিল্ডিংৰ কামৰ শুভাৰম্ভণী কৰে মূখ্যমন্ত্ৰী মহোদয়ে। লগতে লামডিং আৰক্ষী থানাৰ চৌহদতেই উদ্ধোধনী অনুষ্ঠানত সভাৰ জৰিয়তে লামডিংবাসী ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰী মহোদয়ে।
উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত উপস্হিত থাকে অসম আৰক্ষী সঞ্চালক ভাস্কৰ জ্যোতি মহন্ত, আৰক্ষী শীৰ্ষ বিষয়া সত্য ৰাজ হাজৰিকাসহ হোজাই আৰু লামডিং সমষ্টিৰ দুই বিধায়ক শিলাদিত্য দেৱ আৰু শিবু মিশ্ৰ, নগাঁও সংসদীয় সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰহাৰ সমষ্টিৰ বিধায়ক উপস্হিত থাকে। উক্ত উদ্ধোধনী অনুষ্ঠানত বিজেপি চৰকাৰে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত কৰা উন্নতি প্ৰসংগত বহলভাৱে ব্যক্তিতা দিয়ে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে।