দেশৰ স্বাস্থ্য মন্ত্রালয়ে প্ৰকাশ কৰা মতে, দেশত যি সাতটা কোম্পানীয়ে ক’ৰোনাৰ প্রতিষেধক তৈয়াৰ, তাৰ পৰীক্ষামূলক প্রয়োগ কৰি চোৱাৰ অনুমতি পাইছে, তাৰ ভিতৰত মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স লাইফ ছায়েন্সো আছে।
কেন্দ্রীয় স্বাস্থ্য ৰাজ্যমন্ত্রী অশ্বিনী চৌবেই ৰাজ্যসভাত এক লিখিত প্রশ্নৰ উত্তৰত জনায় যে দেশত ত্রিশটা প্রতিষেধকৰ বিভিন্ন পর্যায়ত গৱেষণা চলিছে। তাৰ ভিতৰত দেশত সাতটা কোম্পানীক কৰোনা প্রতিষেধক তৈয়াৰ, তাৰ পৰীক্ষামূলক প্রয়োগ কৰি চোৱাৰ অনুমতি দিছে চেন্ট্রেল ড্রাগছ ষ্টেণ্ডার্ড কন্ট্রোল অর্গেনাইজেচনে।
তালিকাত চিৰাম, কেডিলা, ভাৰত বায়টেকৰ উপৰি আছে ৰিলায়েন্স লাইফ ছায়েন্স। আগন্তুক দিনত প্রতিষেধক সংক্রান্তীয় ব্যৱসায়ত নমাৰ বাবে ইতিমধ্যেই ক’ৰোনাৰ টীকা সংক্রান্তীয় গৱেষণা আৰম্ভ কৰি দিছে আম্বানী গোষ্ঠীৰ এই কোম্পানীয়ে।
বহুতৰে আকৌ অনুভৱ, বিশ্বৰ বৃহত্তম টীকা প্রস্তুতকাৰক কোম্পানী পুণেৰ চিৰাম ইনষ্টিটিউটকে আগন্তুক দিনত শক্তিশালী প্রতিদ্বন্দ্বিতাত আগবঢ়াবলৈ গৈছে ৰিলায়েন্সে।