ষ্টাফ ৰিপ’ৰ্টাৰ:
বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।কলিয়াবৰৰ বুঢ়াপাহাৰ নহৰুবস্তিত এই ভয়ংকৰ পথ দুৰ্ঘটনাতো সংঘটিত হয়৷ নিশা প্রায় ১১ বজাত সংঘটিত হয় দুৰ্ঘটনাতো।এই দূৰ্ঘটনাত থিতাতে নিহত হয় ৩ জনৰ ।আনহাতে গুৰুতৰভাৱে আহত হয় আন ৩জন ।
এখন ৰৈ থকা ট্রাকত খুন্দা মাৰে এখন টাটা টিয়াগ’ বাহনে ।আহত আটাইকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্রেৰণ কৰা হয় ।দুৰ্ঘটনাগ্রস্ত টিয়াগ’খনৰ নম্বৰ AS02-T-4775 ।পথত ৰৈ থকা ট্ৰাক খনৰ নম্বৰ AS09-AC-3635 ।এইপৰ্যন্ত চিনাক্ত হোৱা নাই দুৰ্ঘটনাত হতাহতসকল ।