কোভিড সংক্রমণ আৰু তাৰ মোকাবিলা কৰিবলৈ গৈ উদ্ভূত পৰিস্থিতিক লৈ বুধবাৰে সাতখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ সৈতে আলোচনা কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ, কর্নাটক, উত্তৰ প্রদেশ, তামিলনাডু, দিল্লী আৰু পঞ্জাব— এই সাতখন ৰাজ্যত আছে দেশৰ মুঠ কোভিড আক্রান্তৰ ৬৫ শতাংশ। ভার্চুৱেল এই বৈঠকত পৰৱর্তী ৰণকৌশলক লৈ আলোচনা কৰিব প্রধানমন্ত্রীয়ে। মুখ্যমন্ত্রীসকলৰ উপৰি ৰাজ্যসমূহৰ স্বাস্থ্যমন্ত্রীসকলো আলোচনাত থকাৰ কথা।










