ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিদেশৰ আপোন মানুহ! লকডাউনৰ অতিথিক অশ্ৰুসিক্ত বিদায় গাঁওবাসীৰ

ASSAM TIMES POST by ASSAM TIMES POST
September 24, 2020
Reading Time: 1 min read
A A
0
বিদেশৰ আপোন মানুহ! লকডাউনৰ অতিথিক অশ্ৰুসিক্ত বিদায় গাঁওবাসীৰ

logo new 2 12 | ASSAM TIMES POST
বিশেষ প্ৰতিবেদনঃ

RELATED POSTS

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

ৰ’ব, বিদেশত আপোন মানুহৰ কথা কোৱা নাই৷ ক’ব খুজিছো বিদেশৰ আপোন মানুহৰ কথাহে৷ ঘটনাচক্ৰত বন্দী হৈ পৰা এগৰাকী বিদেশীক আপোনভাৱে আতিথ্য আগবঢ়াই কেনেদৰে অশ্ৰুসিক্ত হৈ বিদায় জনালে গাঁওবাসীয়ে তাৰ এটা কাহিনীহে ইয়াত ক’ব বিচৰা হৈছে৷ এই কাহিনীয়ে যেন পুনৰ প্ৰমাণ কৰিলে অতিথি পৰায়ণ অসমীয়াৰ আপোনত্বৰ মহান গুণৰ কথা৷

ইচ্ছা আছিল এসপ্তাহমান অসমত থাকি অসমৰ গ্রাম্য জীৱন উপভোগ কৰিব। কিন্তু মেনুৱেল আৰিবাছ ৰডৰিগেছ নামৰ যুৱকজনে গমকে নাপালে কেতিয়ানো সাত দিন সময় গৈ সাত মাহ পাৰ হ’ল!

WhatsApp Image 2020 09 24 at 8.17.02 PM | ASSAM TIMES POST

অচিন অতিথি হৈ যোৱা ফেব্রুৱাৰী মাহৰ প্রথম সপ্তাহত শিৱসাগৰৰ বকতা বকতিয়াল গাঁৱত প্ৰৱেশ কৰিছিল স্পেনিচ যুৱকজনে৷ আৰু সেই সাত মাহত তেওঁ গাঁওবাসীৰ সকলোৰে নয়নৰ মণি হৈ পৰিছিল। কেতিয়াবা কৃষিকাৰ্য কৰি, কেতিয়াবা গিটাৰ বজাই গান গাই, কেতিয়াবা আকৌ শিশুসকলক স্পেনিচ শিকায় তেওঁ ঘূৰি ফুৰিছিল ইমূৰৰ পৰা সিমূৰলৈ।

মুঠতে যোৱা সাতটা মাহত হাঁহিমুখীয়া যুৱকজন কেতিয়াও চুপ হৈ বহি থকা দেখা নাই কোনোৱে। ভাষাৰ ব্যৱধানেও অন্তৰৰ আবেদনক টলাব পৰা নাই। সকলোকে আকৰ্ষিত কৰা যুৱকজনে যে লকডাউনৰ পিছত সঁচাকৈয়ে গাঁওখন এৰি নিজৰ দেশলৈ গুচি যাব- সেয়া যেন কোনোৱে মানি ল’ব পৰা নাছিল।

উল্লেখ্য যে দেশ ভ্রমণৰ উদ্দেশ্যে মেনুৱেলে তেওঁৰ চাইকেলখন লৈ যোৱা বছৰ আগষ্টত স্পেইনৰ পৰা বিমানত উঠে জাপানৰ উদ্দেশ্যে। জাপানৰ পৰা কোৰিয়া, কম্বোডিয়া, ভিয়েটনাম, থাইলেণ্ড, ম্যানমাৰ হৈ ২৭ জানুৱাৰীত উপস্থিত হয় মণিপুৰত। তেতিয়া ‘লকডাউন’ নামৰ শব্দটোৰ লগত কাৰো পৰিচয় নাই।

তেওঁ ফেব্রুৱাৰীৰ আৰম্ভণইতে শিৱসাগৰত উপস্থিত হয়। গড়গাঁৱত যুৱ মহোৎসৱত তেওঁৰ বাৰ্তালাপ হয় কলেজীয়া ছাত্র বিশ্বজিৎ বৰবৰুৱাৰ সৈতে। বিশ্বজিতে মেনুৱেলক লৈ আহে নিজৰ গাঁৱলৈ। প্রথম দর্শনতেই গাঁওখনৰ প্রেমত পৰে মেনুৱেল। অনুমতি বিচাৰে এসপ্তাহমান গাঁওখনত কটোৱাৰ। কিন্তু গাঁওখনৰ সকলোৰে সৈতে এনেদৰে তেওঁ অন্তৰংগ হৈ পৰে যে মাহ কেতিয়া পাৰ হৈ গ’ল ধৰিবকে নোৱাৰিলে। হেন সময়তে কৰোনাৰ বাবে বন্ধ হৈ যায় আন্তর্জাতিক উড়ান। আৰম্ভ হয় লকডাউন। ফলত বন্দী হৈ পৰে মেনুৱেল।

কিন্তু গাঁবাসীয়ে তেওঁক অকলশৰীয়া অনুভৱ কৰাৰ অৱকাশেই নিদিলে। মেনুৱেল নিজেও মিলি যায় গাঁওবাসী তথা গ্ৰাম্য জীৱনৰ লগত৷ পথাৰত খেতি কৰা, পাচলি ৰোৱা, মাছ ধৰা, শিশুসকলক পঢ়োৱা, গান শিকোৱা আদিত ব্যস্ত হৈ পৰে তেওঁ। আৰম্ভ কৰে স্পেনিচ ভাষা শিক্ষাৰ শ্ৰেণীও। নিজেও শিকে অসমীয়া গান, নাচ, ভাষা।

ইফালে বিদেশৰ অজ্ঞাত গাঁৱত বন্দী হৈ পৰা পুত্ৰক লৈ দুশ্চিন্তা বাঢ়ে স্পেইনত থকা তেওঁৰ পিতৃ-মাতৃৰ। কিন্তু ভিডিও কলৰ সুবাদত সকলো দেখি-জানি নিশ্চিত হয় তেওঁলোক।
সময় গৈ থাকে। আন্তর্জাতিক বিমান চলাচলো আৰম্ভ হয়। ইতিমধ্যে তিনিবাৰ ভিছাৰ ম্যাদো বৃদ্ধি কৰিছে তেওঁ। সেয়ে এইবাৰ উভতি যাবই লাগিব। সেই কথা জানিব পাৰিয়েই গাঁৱৰ আবাল-বৃদ্ধ-বণিতা শোকাভিভূত হৈ পৰে। আদৰৰ মেনুৱেলক এৰি দিবলৈ মনে নকয় তেওঁলোকৰ। কিন্তু বিদায় নিশ্চিত জানি যোৱা সোমবাৰে দিনভৰ গাঁৱত মেনুৱেলক কেন্দ্ৰ কৰিয়ে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।

কিন্তু কি দি যাব মেনুৱেলে গাঁবাসীক তেওঁৰ স্মৃতি? তেওঁৰ দেশ ভ্রমণৰ সঙ্গী, ৩০ বছৰ পুৰণি চাইকেলখনকে স্মৃতি হিচাবে ৰাখি থৈ গ’ল গাঁৱৰ শিশুসকলৰ বাবে। কাৰণ তেওঁৰ উৎসাহতে গাঁৱত সৃষ্টি হৈছে এটি চাইকেল ক্লাব!
মেনুৱেলে নিজৰ অনুভৱ ব্যক্ত কৰি কয়, “ঘৰৰ পৰা ১০ হাজাৰ কিলোমিটাৰ দূৰৈত মোৰ যে আন এটা ইমান ডাঙৰ পৰিয়ালে অপেক্ষা কৰি আছিল সেয়া কৰোনা তথা লকডাউন নহ’লে জানিবই নোৱাৰিলোহেঁতেন।”

মঙলবাৰে নিশা তেওঁ ৰাজধানী এক্সপ্রেছেৰে দিল্লীলৈ ৰাওনা হয়। ২৬ ছেপ্টেম্বৰত তেওঁ আমষ্টাৰডাম হৈ স্পেইনলৈ যাব।বিদায় ক্ষণত চকুপানী লুকুৱাই ৰাখিব পৰা নাছিল কোনোৱে। বেদনাৰ অশ্ৰুধাৰাত যেন অধিক জীপাল হৈ উঠিছিল এক সম্পৰ্ক- মানৱীয় সম্পৰ্ক৷ মেনুৱেল খুড়াক সাৱটি ধৰি থাকে শিশুসকলে।

Tags: Featured2
Share4Tweet3Send

Related Posts

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

by News Desk
June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

by News Desk
June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

by News Desk
June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

Heat wave : গৰমে দহিছে ইউৰোপ : হাজাৰোধিক মানুহৰ মৃত্যু, ভাঙিলে তাপমাত্ৰাৰ সৰ্বকালৰ অভিলেখ

IB : চোৰাংচোৱা ব্যুৰোৰ নতুন প্রধান মহেশ দীক্ষিত

ADVERTISEMENT
BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে
National-International

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
50
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ
National-International

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026
50
Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫
National-International

Double-tap campaign : আফগানিস্তান সীমান্তত পাকিস্তানৰ ‘ডাবল-টেপ’ অভিযানত শিশুসহ নিহত ৩৫

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

BJP president Nitin Nabin : হায়দৰাবাদ পৌৰ নিগম নিৰ্বাচন পৰিগণিত পৰীক্ষা ক্ষেত্ৰ গেৰুৱা দলৰ, দ্ৰাবিড় ভূমিত পদুমৰ বীজ ৰোপণ কৰিবলৈ ভ্ৰমণ কৰিলে দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে

June 29, 2026
Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

Ram Mandir : ৰাম মন্দিৰৰ দান চোৰৰ হৈ ওকালতি কৰিলে ৫ লাখৰ জৰিমনা ঘোষণা‌ অযোধ্যা উকীল সন্থাৰ

June 29, 2026
Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

Minor rape case : ৬৫ বছৰীয়া ব্যক্তিৰ ধৰ্ষণ-হত্যাৰ বলি ৩ বছৰীয়া শিশু, মৃত্যুদণ্ডৰ শাস্তি আদালতৰ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT