নিউজ ডেক্স:
ইটোৰ পিছত সিটোকৈ দেশখনত হৈ থকা হত্যাকাণ্ড সমূহৰ পিছত আজি শণিবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে ৷এই নিৰ্দেশৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে আৰক্ষী চকী সমূহত ঘটনাৰ খবৰ পোৱাৰ লগে লগে এজাহাৰ দাখিল বা গোচৰ ৰুজু কৰিব লাগিব ৷
আৰু তেনে কৰোতে সেই ঘটনা নিৰ্দিষ্ট আৰক্ষী চকীৰ অধীনত পৰেনে নপৰে বিবেচনা কৰিব নোৱাৰিব ৷ ঘটনাৰ দুমাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিব লাগিব ৷
এই সময়চোৱাত কোনো আৰক্ষীয়ে কৰ্তব্যত গাফিলতি কৰিলে তেনে আৰক্ষীৰ বিষয়েও লোৱা হ’ব কঠোৰ ব্যৱস্থা ৷প্ৰয়োজন অনুসৰি ৰাষ্ট্ৰীয় দাতাবেচ ব্যৱহাৰৰো অনুমতি দিয়া হ’ব আৰক্ষীক ৷
হাথৰাচ্ৰ ঘটনাত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী, বিজেপি প্ৰাৰ্থী যোগী আদিত্য নাথ সাঙুৰ খাই থকা বুলি প্ৰকাশ পোৱাৰ লগতে বিজেপি দলৰ উত্তৰপ্ৰদেশৰ ৰাজ্যিক মন্ত্ৰী অজিত সিং পালৰ হাথৰাচৰ ঘটনাক সৰু ঘটনা বুলি কোৱা কাৰ্য আদিবোৰৰ পিছত সন্মুখত থকা নিৰ্বাচনৰ আগমূহূৰ্তত জনতাক ভুলোৱাৰ প্ৰয়াস নহ’লেই হ’ল এই প্ৰদক্ষেপ ৷










