নিউজ ডেক্স:
আকাশমাৰ্গত দুখন বিমানৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জন লোকৰ। ফ্ৰান্সত সংঘটিত হৈছে এই বিমান দুৰ্ঘটনা। মাইক্ৰ’লাইট বিমানৰ সৈতে এখন যাত্ৰীবাহী বিমানৰ সংঘৰ্ষ হয় শনিবাৰে। দুৰ্ঘটনাৰ বিষয়ে জনাই চৰকাৰী মুখপাত্ৰ নাদিয়া সেঘইৰে কয় যে মাইক্র’লাইট বিমানখনত দুজন লোক আছিল। DA40 যাত্ৰীবাহী বিমানখনৰ সৈতে এই মাইক্ৰ’লাইট বিমানখনৰ সংঘৰ্ষ হয়। যাত্ৰীবাহী বিমানখনত আছিল তিনিজন লোক।
মাইক্ৰ’লাইট বিমানখন এটা ঘৰৰ ওচৰত জৰুৰী অৱতৰণ কৰে আৰু যাত্ৰীবাহী বিমানখনে আবাসিক এলেকাৰ পৰা কিছু দূৰত অৱতৰণ কৰিবলৈ বাধ্য হয়। দুৰ্ঘটনাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে। কেইবা ঘণ্টাৰ চেষ্টাৰ অন্তত নিৰ্বাপিত হয় জুই।
এইপৰ্যন্ত দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিচয় লাভ কৰিব পৰা নাই। আৰক্ষীৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তথ্য মতে, পয়টিয়াৰ্ছ চহৰৰ পৰা উৰা মৰাৰ পিছতে দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বিমানখন।










