নিউজ ডেক্স:
অতীতৰ আজিৰ দিনটোত ভাৰতবৰ্ষত জন্ম হৈছিল দুজনকৈ বিখ্যাত লোকৰ ৷
প্ৰথমজন, জয় প্ৰকাশ নাৰায়ণ ৷ তেখেতৰ জন্ম হৈছিল ১৯০২চনৰ ১১অক্টোবৰ তাৰিখে ৷ “লোক নায়ক” উপাধিৰে বিখ্যাত জয় প্ৰকাশ নাৰায়ণ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন প্ৰধান আন্দোলনকাৰী, সমাজবাদী, ৰাজনৈতিক নেতা আছিল ৷ ভাৰত-ত্যাগ আন্দোলনৰ মূল নায়ক আছিল জয় প্ৰকাশ নাৰায়ণ ৷ ১৯৭৯ৰ ৮অক্টোবৰত তেখেতৰ মৃত্যু হৈছিল ৷
আনহাতে, ১৯১৬ চনৰ ১১অক্টোবৰত জন্ম হৈছিল ভাৰতৰ অন্য এজন সমাজ পৰিবৰ্তক, ৰাজনীতিক নানাজী দেশ্মুখৰ ৷ ১৯৯৯ চনত পদ্ম বিভূষণ উপাধিৰ সন্মানিত হোৱা নানাজী দেশ্মুখে শিক্ষা, স্বাস্থ্যৰ লগতে গাওঁ অঞ্চলৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিবলৈ কাম কৰিছিল ৰাজ্যসভাৰ সদস্যজনে ৷ ২০১০ চনৰ ২৭ ফেব্ৰুৱাৰীত তেখেতৰ মৃত্যু হয় ৷










