নিউজ ডেক্স:
অৱশেষত হাথৰস–কাণ্ডত তদন্তভাৰ ল’লে চিবিআইয়ে।কিন্তু তদন্তত নানামোতেই সৃষ্টি কৰিলে বিতর্ক। দেওবাৰে পুৱা অভিযুক্তসকলৰ বিৰুদ্ধে হত্যাৰ চেষ্টা, গণধর্ষণ আৰু হত্যাৰ অভিযোগত দাখিল কৰা এফআইআৰৰ কপিসহ প্রেছ বিজ্ঞপ্তি প্রকাশ কৰে চিবিআইয়ে।
কিন্তু, কেইঘণ্টামান পিছতেই সেয়া আঁতৰাই দিয়া হয়। দ্বিতীয় এফআইআৰৰ পৰা মচি দিয়া হয় গণধর্ষণ আৰু হত্যাৰ অভিযোগবোৰ। অভিযুক্ত কৰা হয় কেৱল সন্দীপক।
সিদিনাখন পুৱা কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে প্রথমে এফআইআৰসহ যি প্রেছ বিজ্ঞপ্তি প্রকাশ কৰিছিল, তাত দেখা যায় ১৯৮৯ৰ এছচি–এছটি আইনৰ লগতে হাথৰসৰ ১৯ বছৰীয়া দলিত কিশোৰীগৰাকীক হত্যাৰ চেষ্টা (৩০৭), গণধর্ষণ (৩৬৭ ডি) আৰু (৩০২) অভিযোগত এফআইআৰ দাখিল কৰা হৈছে।
আনকি চিবিআইৰ গাজিয়াবাদ শাখাৰ দুর্নীতি নিবাৰক শাখাই তাত জনাইছিল, ‘এই গোচৰত সম্ভাব্য অপৰাধবোৰ হ’ল— ধর্ষণ, হত্যাৰ চেষ্টা, গণধর্ষণ আৰু হত্যা।’ পিছত চিবিআইৰ ৱেবছাইটৰ পৰা এই এফআইআৰ আৰু প্রেছ বিজ্ঞপ্তি আঁতৰাই দিয়া হৈছে। আনহাতে, দুপৰীয়া আন এখন বিজ্ঞপ্তি প্রকাশ কৰা চিবিআই।
তাত কোৱা হৈছে, ‘চিবিআইয়ে তদন্তৰ দায়িত্ব লৈছে। এজন অভিযুক্তৰ বিৰুদ্ধে এখন এফআইআৰ দাখিল কৰা হৈছেছে। ইয়াৰ পূর্বে মৃতকৰ ভাতৃৰ এক অভিযোগৰ ভিত্তিত হাথৰসৰ চান্দপা থানাত (চিচি নং ১৩৬/২০২০) এটি গোচৰ ৰুজু হৈছিল। তাত কোৱা হৈছে, অভিযুক্তই তেওঁৰ ভগ্নীক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ চেষ্টা কৰিছিল।’
ইফালে চিবিআইৰ এই পদক্ষেপৰ তীব্র সমালোচনা কৰি যোগী চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে। টুইটাৰত তেওঁ লিখে, ‘লজ্জাজনক সত্যটো হ’ল, এতিয়াও বহু ভাৰতীয় দলিত, মুছলিম আৰু আদিবাসীসকলক মানুহ বুলিয়েই গণ্য কৰা নহয়।’










