ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : কম্পিউটাৰ নিৰ্ভৰ নেকি আপুনি? জানি লওক কিছু কথা

ASSAM TIMES POST by ASSAM TIMES POST
October 15, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : কম্পিউটাৰ নিৰ্ভৰ নেকি আপুনি? জানি লওক কিছু কথা

logo new 2 1 1 2 | ASSAM TIMES POST

RELATED POSTS

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

স্বাস্থ্য প্ৰতিবেদন

নভেল ক’ৰোনা অতিমাৰি পৰিস্থিতিত বিশ্বৰ প্রায় সকলো দেশতেই মানুহৰ জীৱন যাপনত আমূল পৰিবৰ্তন হৈছে। সৰুৰ পৰা ডাঙৰ অজস্র মানুহ পঢ়া-শুনাৰ পৰা কাম-কাজ সকলোতে অনলাইনত নির্ভৰশীল।

ইয়াৰ বাবে দিনৰ বহু সময় কটাবলগা হয় কম্পিউটাৰ বা মোবাইলৰ স্ক্রিনৰ ফালে চায়। ইয়াৰ ফলত চকু ৰঙা হৈ পানী ওলোৱা, চকু আৰু মূৰৰ বিষ আদি ভাব হয়। এই সমস্যাৰ নাম ‘চিভিএছ’ অর্থাৎ ‘কম্পিউটাৰ ভিজন চিনড্রম’। এই বিষয়টো খুব গুৰুতৰ নহয় ঠিকেই, কিন্তু নিয়মীয়া সমস্যাত দৃষ্টিশক্তি কমি যোৱাৰ সম্ভাৱনা থাকে। কিন্তু কেইটামান নিয়ম মানি চলিলেই কম্পিউটাৰ ভিজন চিনড্রমৰ হাত এৰাব পৰা যায় বুলি চকুৰোগ বিশেষজ্ঞসকলে কয়।

pc arbeit trockene augen | ASSAM TIMES POST
বিশ্বৰ বিভিন্ন দেশৰ লগতে আমাৰ দেশতো যোৱা ৮ অক্টোবৰ, বৃহস্পতিবাৰে পালন কৰা হৈছে ২০তম ‘ৱর্ল্ড ছাইট ডে’ বা বিশ্ব দৃষ্টি দিৱস। লায়নছ ক্লাব ইন্টাৰনেচনেল ফাউন্ডেছন, ইন্টাৰনেচনেল এজেন্সি ফৰ দ্য প্রিভেনচন অব ব্লাইন্ডনেছ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত ২০০০ চনত অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতিবাৰে বিশ্বজুৰি  দৃষ্টিশক্তি দিৱস পালনৰ সিদ্ধান্ত লোৱা হয়।

‘ৱৰ্ল্ড ছাইট ডে’ত দৃষ্টিশক্তি ভালে ৰখাৰ লগতে অন্ধত্ব নিবাৰণত সাধাৰণ মানুহক সচেতন কৰা হয়। এই বছৰৰ ‘ৱৰ্ল্ড ছাইট ডে’ৰ থিম হৈছে ‘হ’প ইন ছাইট’। এই মুহূর্তত বিশ্বৰ ১ কোটি ২০ লক্ষ মানুহৰ স্বল্প দৃষ্টিশক্তিৰ কাৰণে চছমাৰ প্রয়োজন। কিন্তু অধিকাংশ মানুহৰেই চছমা কিনিব পৰাৰ সামর্থ্য নাই। সেয়ে তেওঁলোকৰ দৃষ্টিশক্তি ক্রমশ অস্বচ্ছ হৈ পৰিছে। আকৌ প্রতি ৪ জন স্বল্প দৃষ্টিৰ মানুহৰ মাজত ৩ জনৰেই সমস্যাৰ সমাধান কৰিব পৰা যায় সহজতে। অথচ সচেতনতাৰ অভাৱত তেওঁলোক ক্রমশ দৃষ্টিহীন হৈ পৰিছে।

চকুৰ সমস্যাৰ মূলতে আছে কম্পিউটাৰ আৰু মোবাইল ব্যৱহাৰ। কম্পিউটাৰ ভিজন চিনড্রম (চিভিএছ)ৰ প্রধান কাৰক ডিঙিত এফালে ডিঙি কাতি কৰি বা চিধা কৰি ৰখা। ইয়াৰ ফলত ডিঙিৰ পেশীত ৰক্ত চলাচল কমি টনটনীয়া হৈ যায়। সেয়ে ডিঙি-মূৰত বিষ কৰে। কিন্তু কেৱল ডিঙি, মূৰ আৰু চকুতেই সমস্যা ৰখি নাথাকে, পিঠি, কান্ধ আৰু হাততো বিষ কৰে।

এই সকলোৰে মূলতেই কিন্তু একে ভঙ্গীমাত বহু সময় ধৰি বহি থকা। আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অব অকুপেচনেল ছেফটি এণ্ড হেলথৰ সমীক্ষাত জনা গৈছে যে যিসকলে দিনত গড়ে দুইৰ পৰা তিনি ঘণ্টা কম্পিউটাৰত কাম কৰে, তেওঁলোকৰ মাজত প্রায় ৯০% এই সমস্যাত ভুগিছে।এওঁলোকৰ ভিতৰত আকৌ বেছিভাগৰেই বয়স ১৮ৰ পৰা ২৫ বছৰ।

চকু ভালে ৰাখিবলৈ ভিজি থকা দৰকাৰ। কিন্তু কম্পিউটাৰ বা মোবাইলত কাম বা চ্যাট কৰাৰ সময়ত বেছিভাগ মানুহেই অপলক দৃষ্টিত থাকে। চকুৰ পলক নপৰে। সেয়ে চকুপানী বাহিৰ ওলাব নোৱাৰে। ইয়াৰ ফলত চকু শুকাই যায়।

চকু শুকাই গ’লেই সকলো সমস্যাৰ উৎপত্তি হয়। চকু জ্বলে, খচখচাই, ৰঙা হৈ পানী পৰে, জাপ খাই থকা যেন দেখায়, কেতিয়াবা কেতিয়াবা দুটা দুটা দেখায়, তাৰ লগতে ডিঙি, মূৰ আৰু পিঠিত বিষ কৰিব পাৰে। কান্ধ আৰু গাঁঠিতো বিষ কৰে। কম্পিউটাৰৰ স্ক্রিন বেছি উজ্জ্বল হ’লে বা কম পোহৰত কাম কৰিলে অথবা একেবাৰে ওচৰ বা বহু দূৰত স্ক্রিন থাকিলে সমস্যা বেছি হয়। কেৱল কম্পিউটাৰেই নহয়, মোবাইল, টেবলেট বা আই পেড ব্যৱহাৰ কৰিলেও একেই সমস্যা দেখা যায়।

যিহেতু বৰ্তমান কম্পিউটাৰ অবিহনে চলিব নোৱাৰি, সেয়ে ২০-২০-২০ নীতি মানি চলক। ২০ মিনিট কম্পিউটাৰত কাম কৰাৰ পিছত ২০ ফুট দূৰৈত থাকিব লাগিব ২০ চেকেণ্ডৰ বাবে। ভালদৰে থিয় হৈ দুই-তিনি মিনিট খোজ কাঢ়ক। সেউজীয়াৰ ফালে চালে চকুৰ আৰাম হয়। কিছু সময় কাম কৰাৰ পিছত উঠি গৈ চকুত পানী দিয়াটো ভাল হয়।

প্রয়োজন হ’লে আইটন বা ৰিফ্রেছ জাতীয় ড্রপ ব্যৱহাৰ কৰিব। বিশেষকৈ যিসকলৰ চকোটি অলপ কম পাৱাৰ আছে তেওঁলোকে চছমা অবিহনে কাম কৰিলে সমস্যা বাঢ়ি যায়। কম্পিউটাৰ যদি শীততাপ নিয়ন্ত্রিত যন্ত্রৰ ওচৰত থাকে আৰু ঠাণ্ডা বতাহত চকু আৰু শুকাই যায়। ইয়াৰ উপৰি নিয়মমতে ডিঙি আৰু চকুৰ ব্যায়াম কৰা প্ৰয়োজন।

তলৰ কথা কেইটাত গুৰুত্ব দিয়ক:

eyes | ASSAM TIMES POST• কম্পিউটাৰ আৰু মোবাইলৰ স্ক্রিন যেন অতিৰিক্ত উজ্জ্বল নহয়, পোহৰ কমাই ৰাখক।  

• স্ক্রিনৰ পৰা নির্দিষ্ট দূৰত্ব বজায় ৰাখিব লাগিব।

• সঠিক ভঙ্গীমাত বহি কাম কৰিব লাগিব। কম্পিউটাৰৰ মনিটৰৰ ওপৰৰ দিশ চকুৰ পোনে পোনে থাকিলে ভাল হয়।

• চছমা পিন্ধি কাম কৰিলে এন্টিগ্লেয়াৰ লেন্স ব্যৱহাৰ কৰিলে ভাল হয়।

• ২০– ২০–২০ নিয়ম মেনে চলিবই লাগিব। ২০ মিনিট অন্তৰে অন্তৰে চকুক প্ৰায় ২০ ছেকেন্ডৰ বাবে বিশ্রাম দিব লাগিব।

• চকুত লুব্রিকেন্ট আই ড্রপ ব্যৱহাৰ কৰিব লাগিব। 

Tags: Featured
Share4Tweet3Send

Related Posts

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

by Staff Reporter
June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

by Staff Reporter
June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

by Staff Reporter
June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

by Staff Reporter
June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

by Staff Reporter
June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

by News Desk
June 27, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx