নিউজ ডেক্স:
প্ৰায় ছয় লাখ মানুহৰ তথ্য চুৰি হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ব্যক্তিগত ৱেবছাইট (www.narendramodi.in)ৰ পৰা। এই দাবী চাইবাৰ সুৰক্ষা সংস্থা ছাইবেলৰ। মার্কিন সংস্থাটোৰ দাবী অনুযায়ী, এইবোৰ তথ্য ডার্ক ৱেবত বিক্ৰী কৰি দিয়া হৈছে। অৱশ্যে কেন্দ্রীয় চৰকাৰীৰ তৰফৰ পৰা এতিয়াও এই ক্ষেত্ৰত কোনো প্রতিক্রিয়া লাভ কৰা হোৱা নাই।
উল্লেখযোগ্য যে কেইমাহমান আগতে মোদীৰ টুইটাৰ একাউন্ট হেক হৈছিল। সেই একাউন্টৰ সৈতে মোদীৰ ৱেবচাইটটি লিঙ্ক কৰা। ছাইবেলে যোৱা শুক্রবাৰে এটি ব্লগ পোষ্টত দাবী কৰিছে, মোদীৰ ৱেবচাইট হেক কৰি ৫ লাখ ৭৪ হাজাৰৰো অধিক মানুহৰ তথ্য চুৰি কৰিছে।
ইয়াৰ ভিতৰত নাম, ই-মেইল আইডি, যোগাযোগৰ তথ্য আছে। ইয়াৰ উপৰি মোদীৰ ৱেবচাইটৰ মাধ্যমেৰে যিসকলে প্রধানমন্ত্রী কেয়াৰ্ছ পুঁজিত ধন দান কৰিছে তেনে ২ লাখ ৯২ হাজাৰৰো অধিক মানুহৰ তথ্য চুৰি হৈ ডার্ক ৱেবত বিক্ৰী হৈ গৈছে বুলিও ছাইবেলৰ দাবী।
উল্লেখযোগ্য যে ডার্ক ৱেব হ’ল এক গোপন নেটৱর্ক। বিশ্বৰ বহু চাইবাৰ অপৰাধৰ এইটো মাধ্যম। ব্লু হোৱেলৰ দৰে ছুইচাইড গেম চলায় ডার্ক ৱেবেই। সাধাৰণ ছার্চ ইঞ্জিনৰ মাধ্যমেৰে তাত থকা তথ্যৰ সন্ধান পোৱা নাযায়। এনে ক্ষেত্রতো চুৰি হোৱা তথ্য কোনো অপাৰধামূলক কামত ব্যৱহাৰ কৰা হ’ব পাৰে বুলি আশঙ্কা কৰিছে ছাইবেলে।