নিউজ ডেক্স:
ভাৰতত ইতিমধ্যেই আৰম্ভ হৈ গৈছে টীকা বিতৰণৰ ৰূপৰেখা প্ৰস্তুতৰ কাম। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্র মতে, ‘বিপদসীমা’ৰ ভিতৰত থকা প্রায় ৩০ কোটি মানুহক কোভিড-১৯ টীকা প্রদানৰ ক্ষেত্রত অগ্রাধিকাৰ দিয়া হ’ব।
ইয়াৰ বাবে প্রয়োজন হ’ব কৰোনা প্রতিষেধকৰ প্রায় ৬০ কোটি ড’জ। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্র মতে, অগ্রাধিকাৰ প্রাপ্তসকলৰ তালিকাত আছে চিকিৎসক, স্বাস্থ্যকর্মী, আৰক্ষী, পৌৰসভা-পঞ্চায়ত আৰু অত্যাৱশ্যকীয় চৰকাৰী যুক্ত কর্মীসকল।
সকলো মিলাই প্রায় তিনি কোটি মানুহ আছে। ইয়াৰ উপৰি ৫০ বছৰ বা তাৰ বেছি বয়সৰ প্রায় ২৬ কোটি আৰু কো-মর্বিডিটিযুক্ত বিভিন্ন বয়সৰ কেইবা কোটি ব্যক্তিও আছে অগ্রাধিকাৰৰ তালিকাত। কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনে জনাইছে, অহা বছৰৰ আৰম্ভণিতেই একাধিক কৰোনা টীকাৰ গৱেষণা আৰু উৎপাদনৰ ক্ষেত্রত সাফল্যৰ আশা কৰা হৈছে।
টীকা বিতৰণৰ তালিকাত কাৰ কাৰ নাম থাকিব আগত?
তালিকাত প্রাধান্যৰ তালিকাত আছে ৫০ৰ পৰা ৭০ লাখ চিকিত্সক আৰু স্বাস্থ্যকর্মী, ২ কোটিৰ ওপৰৰ ফ্রন্টলাইন কর্মচাৰী (পুলিচ, মিউনিচিপাল কর্মচাৰী, সশস্ত্র বাহিনী), ৫০ বছৰ বা তাৰ বেছি বয়সৰ প্রায় ২৬ কোটি মানুহ আৰু ৫০ৰ কম বয়সৰ অথচ কো-মর্বিডিটি আছে তেনে মানুহ।