ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কার্বিসকলৰ লােক সংস্কৃতিৰ চর্চা, সংবক্ষণ আৰু সংবর্ধনৰ ক্ষেত্রত সুদীর্ঘদিন ধৰি এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা কাৰ্বি সাংস্কৃতিক সমাজ চমুকৈ কে চি এছক গেৰুৱাকৰণ কৰাৰ ষড়যন্ত্রত শাসকীয় বিজেপি দল লিপ্ত হােৱাৰ গুৰুতৰ অভিযােগ উখাপন কৰিছে পাহাৰীয়া জিলাখনৰ বিৰোধী আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে।
দলটোৰ প্রচাৰ কোষৰ তৰফৰ পৰা আজি কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত দলটোৱে অভিযােগ কৰা অনুসৰি, অলপতে অনুষ্ঠিত হৈ যােৱা মাণ্ডলিক যুব মহােৎসৱৰ মঞ্চত বিজেপি দলৰ শ্লগান আওৰোৱা হৈছে।
জিলাখনৰ সিংহাসন আৰু ডনচুবি মাণ্ডলিক যুব মহােৎসবত বিজেপিব শ্লগান দিয়াৰ অভিযােগ তুলি দলটোৱে ইয়াৰ জৰিয়তে আৰ এছ এছৰ থিংক টেংকে এক সুপৰিকল্পিত ষড়যন্ত্র ৰচনা কৰাৰ সন্দেহ প্রকাশ কৰে।
কার্বি আংলঙত বিজেপি দল শাসনলৈ অহাৰে পৰা সাংস্কৃতিক ক্ষেত্রখনত হস্তক্ষেপ কৰাৰ চেষ্টা চলােৱা বুলি মন্তব্য কৰি ইয়াক অযুক্তিকৰ, ভয়ংকৰ আৰু ধ্বংসাত্মক বুলি অভিহিত কৰে।এনে প্রক্রিয়াক প্রতিহত কৰাৰ বাবে দলাটোৱে বিবৃতিযােগে সকলােকে আহ্বান জনােৱাৰ লগতে কার্বি সাংস্কৃতিক সমাজক বিজেপিৰ গ্রাসৰ পৰা ৰক্ষা কৰাব বাবে আহ্বান জনায়।