অজন্তা তালুকদাৰ
বোকাখাত : অসম চৰকাৰে ঢাক-ঢোল বজাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বেংক একাউণ্ট খুলিবলৈ নিৰ্দেশ দিছিল যদিও ই প্ৰহসনত পৰিণত হোৱাৰ দিশত। সৰহভাগ বেংক প্ৰতিষ্ঠানে এনে একাউণ্ট খুলিবলৈ সদিচ্ছাৰ অভাৱ দেখুৱাইছে।
এই তথ্য সদৰি কৰিছে ইউ বি আই বেংক মিত্ৰ সংগঠনে। যোৱা ১২ নৱেম্বৰত বোকাখাতত আহ্বান কৰা এক সংবাদমেলত এই কথা সদৰি কৰি গোলাঘাট জিলাৰ বেংক মিত্ৰ সকলে কয় যে যোৱা দহ নৱেম্বৰৰ পৰা ছাত্ৰ ছাত্ৰীৰ কোনো বেংক একাউণ্ট নুখুলিবলৈ নিৰ্দেশ দিছে।
ইতিমধ্যে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট বেংক মিত্ৰ সকলৰদ্বাৰা খোলোৱা হৈছিল। ইয়াৰে যোৱা দহ নৱেম্বৰৰ আগলৈকে একাংশ একাউণ্ট নম্বৰ আৰু পাচবুক ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে যদিও গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীৰ তথ্য-পাতি জমা দিয়াৰ পাছতো বন্ধ কৰি দিলে একাউণ্ট নম্বৰ অথবা পাচবুক।
ফলত বেংক মিত্ৰ সকল, বিদ্যালয় সমূহৰ শিক্ষক, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ সন্মুখত জবাবদিহি হ’ব লগা হৈছে। ইফালে অবিৰতভাৱে বেংকৰ কামত খতুওৱা এই বেংক মিত্ৰ সকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমূহ অৱগত কৰিবলৈ এক সংবাদমেলৰ আয়োজন কৰে।
তেওঁলোকে বিভিন্ন সমস্যা সমূহৰ সন্দৰ্ভত শিক্ষা তথা বিত্ত মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰখনত উল্লেখ আছে যে বেংক মিত্ৰ সকলে ২০১২ বৰ্ষৰ পৰা কৰি থকা কামৰ নিৰ্দেশনা মতে দহ বছৰ বয়সৰ পৰা এশ বছৰ বয়সলৈকে শূণ্য বেলেঞ্চৰ একাউণ্ট খুলিব পাৰে। সেইমৰ্মে ছাত্ৰ ছাত্ৰীৰ একাউণ্ট সমূহ খোলা হৈছে।
এই ধৰণে একাউণ্ট খোলাৰ পাছতে কোনো আগতীয়া জাননী নিদিয়াকৈ যোৱা দহ অক্টোবৰলৈকে খোলা একাউণ্টৰ নম্বৰ দি ১২ অক্টোবৰ তাৰিখৰ পৰা খোলা একাউণ্ট নম্বৰ সমূহ আজি পৰ্যন্ত দিয়া হোৱা নাই। গোলাঘাট জিলাত প্ৰায় ৫০,০০০ এনে একাউণ্ট নম্বৰ পাবলৈ বাকী আছে বুলি জানিব পৰা গৈছে।
আনহাতে বিজেপি চৰকাৰে প্ৰতাৰণা কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০১৪ বৰ্ষত ঘোষণা কৰা অনুযায়ী ইউ বি আই বেংক মিত্ৰৰ মাহিলী পাৰিতোষিক ৫,০০০ টকা স্মাৰক পত্ৰ প্ৰদান কৰা পৰ্যন্ত মিত্ৰ সকলে নাপালে বুলি স্মাৰক পত্ৰত উল্লেখ কৰিছে।
ইউ বি আই বেংকৰ লগত জড়িত সংশ্লিষ্ট কোম্পানীয়ে নিজৰ মই-মতালিৰে বেংক মিত্ৰ সকলক পৰিচালনা কৰাৰ লগতে পাবলগীয়া বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। স্মাৰক পত্ৰখনত বেংক মিত্ৰ সকলে যোৱা চাৰিমাহ ধৰি পাৰিতোষিক আৰু কমিচন নোপোৱাকৈ কাম কৰি আছে বুলি উল্লেখ কৰে। বোকাখাতত আহ্বান কৰা প্ৰেছ বিজ্ঞপ্তিযোগে উক্ত কথাখিনি সদৰি কৰে বেংক মিত্ৰ সকলৰ প্ৰতিনিধিয়ে।











