ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১৬৩ জনকৈ ব্যক্তি ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৪০১৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৫৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩৯ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ০.৬৫ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৩৬৬২ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৫৪৩ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৯১২৭ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৭.৮৮ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৮৯ গৰাকীলৈ বৃদ্ধি পালে।
🙁 1⃣5⃣7⃣ Cases detected out of 24016 tests conducted with positivity rate of 0.65%
Kamrup Metro- 39
🙂 1⃣6⃣3⃣ patients discharged today
↗️Total cases- 213662
▶️ Recovered- 97.88%
▶️ Active cases- 1.65%
▶️ Deaths- 0.46%9 PM/Dec 05 pic.twitter.com/NUvCSvtJh6
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) December 5, 2020