ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলাৰ ধিঙৰ খুন্দলীয়া চৰত কালি সংঘটিত হয় এক কৰুন ঘটনা ৷ বনৰীয়া গাহৰিৰ আক্ৰমণত স্বামী- স্ত্ৰী আৰু এগৰাকী মহিলা নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এগৰাকী ১৪ বছৰীয়া কিশোৰী ৷
নিহত স্বামী-স্ত্ৰী ক্ৰমে নুৰ মহম্মদ আৰু জাহানাৰা বেগম।ইয়াৰ বিপৰীতে নিহত আনগৰাকী মহিলাৰ নাম কুলচুমা খাটুন।বনৰীয়া গাহৰিৰ আক্ৰমনত আহত কিশোৰী গৰাকী নিহত দম্পতিৰ কণ্যা।তেওঁৰ নাম জোনমনি বেগম ।
জানিবপৰামতে কালি সন্ধিয়া মাকৈ খেতিৰ পৰা স্বামী-স্ত্ৰী ঘৰলৈ আহোতে বনৰীয়া গাহৰীয়ে আক্ৰমন কৰে।ঘটনাস্থলীতে পত্নী জাহানাৰা বেগম নিহত হয়।তেওঁৰ স্বামী নুৰ মহাম্মদৰ ধিং এফ আৰ ইউত মৃত্যু হয়।
তেওঁলোকক বচাবলৈ যোৱা ১৪ বছৰীয়া কিশোৰী জোনমনি বেগম আৰু আনগৰাকী মহিলাকো বনৰীয়া গাহৰিয়ে আক্ৰমন কৰে।গাহৰিৰ আক্ৰমনত তেওঁলোক দুগৰাকীও আহত হয়।পিচত কুলচুমা খাটুন নামৰ মহিলা গৰাকীৰ মৃত্যু হয়।আহত কিশোৰী গৰাকী বৰ্তমান চিকিৎসাধীন।













