ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসমৰ সকলো প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুস্থিত ডিফু ক্লাৱত ভোগালীক লৈ ব্যাপক উচাহ। আজি ভোগালীৰ প্ৰথম পূৱাতে ডিফু ক্লাৱ প্ৰাঙ্গনত ক্লাৱৰ বিষয়-ববীয়া তথা সদস্য আৰু ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ সদস্য সকলে লগ হৈ প্ৰথমে ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ পতাকা উত্তোলন কৰে,পতাকা উত্তোলন কৰে কেন্দ্ৰীষ বিহু সমিতিৰ সভাপতি পূৰ্ণচন্দ্ৰ কাকতিয়ে ।
মেজি প্ৰোজ্জলিত কৰে ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উপসভাপতি দিলীপ দাসে ৷ মেজি প্ৰোজ্জলিত কৰি দিয়া ভাষণ প্ৰসংগত দিলীপদাসে মেজিৰ জুইত কাৰবি আংলং তথা ডিফুৰ পৰা অপায়- অমংগল, আৰু অসুয়া-বিপত্তি সমূহ দাহহৈ জিলাখনৰ লগতে ডিফুত চিৰশান্তি প্ৰতিষ্ঠা হোৱাৰ বাবে কামনা কৰে ৷
মেজি জ্বলোৱা কাৰ্য্যসূচীৰ লগতে সংগতি ৰাখি পূৱা মাহ প্ৰসাদ, জা-জলপান আৰু পিঠা-পনা আদিৰে উপস্থিত সকলো ৰাইজকে আপ্যায়ন কৰা হয়, তাৰ পাছতে উপস্থিত ৰাইজৰ মাজত কণী যুঁজ, টেকেলি ভঙা, চামুচত মাৰ্বল ভৰাই দৌৰা আদি প্ৰতিযোগিতা সমূহ বহু উচ্ছাসেৰে পালণ কৰা দেখা যায়।