ASSAM TIMES POST
ডিফুঃ ডিফু সাহিত্য সভাৰ লগতে ডিফুৰ বিভিন্ন সামাজিক সংগঠন, ডিফু ক্লাৱ, কাৰবি আংলং জিলা মহিলা সমিতি , সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতি , তাই সাংস্কৃতিক সমাজ , ডিফু কলা কেন্দ্ৰ , বাৰোৱাৰী পূজা মন্দিৰ , লেখিকা সমাৰোহ সমিতি , মেজাংকৰী, কেন্দ্ৰীয় বিহু সমিতি , সেউজ আদি সংগঠনে ৰাইজৰ সহযোগত ডিফু নগৰত সংগ্ৰহ কৰা টকা আজি উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ আগবঢায়। উল্লেখ্য যে ইতিমধ্যে ১ আগষ্টত ওপৰত উল্লেখিত সংগঠন কেইটাই মুখ্যমন্ত্ৰীৰ হাতত ২ লাখ টকা প্ৰদান কৰিছিল৷