[captainform id=”1286858″ lightbox=”1″ miliseconds=”2000″ type=”auto-popup”]
ASSAM TIMES POST
ডিফুঃ কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত ধনদাবী, ব্লেক মেইলিং কৰাৰ অভিযোগত এগৰাকী মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ প্ৰাপ্ত তথ্য মতে মহিলাগৰাকীক ডিফু অাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷
ডিফুৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাম অৱতাৰ স্বামীৰ অভিযোগৰ ভিত্তিত মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকী অসম সাহিত্য সভাৰ অাঞ্চলিক সম্পাদিকা৷
তদুপৰি তেওঁ অসম সাহিত্য সভাৰ ডিফুৰ ৰাংছিনা ভৱনৰো দায়িত্বত অাছে৷ ইপিনে, ৰাম অৱতাৰ স্বামী ডিফু সাহিত্য সভাৰ উপ সভাপতি৷ প্ৰাপ্ত অভিযোগ মতে দুয়োৰে মাজত অাছে পতি-পত্নীৰ দৰে গোপন সম্পৰ্ক আছিল৷ ৰাম অৱতাৰ স্বামীয়ে পৰিয়ালৰ অজ্ঞাতে মহিলাগৰাকীৰ সৈতে আদালতত বিবাহ পাশত আবদ্ধ হৈছিল৷
তেওঁলোকৰ এই বিবাহ চলিত বছৰৰ ১৫ মে’ত সম্পন্ন হৈছিল৷ এই মহিলাগৰাকীয়ে ব্যৱসায়ীজনক বিভিন্ন সময়ত ধন দাবী, ব্লেক মেইলিং কৰি আহি আছিল বুলি অভিযোগত প্ৰকাশ৷
অৱশেষত অতিষ্ঠ ব্যৱসায়ীজন আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়৷ ব্যৱসায়ীজনৰ অভিযোগৰ ভিত্তিত মহিলাগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ ইয়াকে লৈ পাহাৰীয়া জিলাখনৰ সদৰ ডিফুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷