ASSAM TIMES POST
গুৱাহাটীঃ চাৰি দশকজোৰা প্ৰতীক্ষাৰ অন্ত পেলাই শনিবাৰে পুৱা ১০ বজাত অসমত উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পায়। চূড়ান্ত এনআৰচিত ৩,১১,২১,০০৪ জনৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ১৯,০৬,৬৫৭ জন লোকৰ নাম বাদ পৰে।
এনআৰচি উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে। নাম বাদ পৰাসকলক তেওঁ বিদেশী ন্যায়াধীকৰণৰ কাষ চাপিবলৈ কয়।
শনিবাৰে পুৱা ১০ বজাৰ লগে লগে এনআৰচিৰ ৱেবচাইট তথা ৰাজ্যৰ প্ৰতিটো নাগৰিক পঞ্জী সেৱা কেন্দ্ৰ (এনএছকে),চক্ৰ বিষয়াৰ কাৰ্যালয়, উপায়ুক্তৰ কাৰ্যালয়ত ই উপলব্ধ হৈছে।













