ASSAM TIMES POST
গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পাছতেই বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক শিলাদিত্য দেবে। তেওঁ স্পষ্টভাৱে কয় যে ইয়াত ১ কোটি বাংলাদেশীৰ নাম সোমাল।
যাৰ নাম অন্তৰ্ভুক্ত হ’ব নালাগিছিল সেই মানুহৰ নাম সন্নিৱিষ্ট হ’ল। ১ কোটিৰ নাম সোমাব পাৰিলে আৰু ১০ লাখৰো নাম সোমাব বুলি তেওঁ কয়। আমছু আৰু এআইইউডিএফক সমালোচনা কৰি তেওঁ কয় যে আমছু আৰু এআইইউডিএফৰ এজেণ্ডা পূৰণ হৈ গ’ল।
এনআৰচি উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা সন্দৰ্ভত তেওঁ কয় যে প্ৰাণৰ ভয়ত হাজেলাই বাংলাদেশীৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰিছে। দেবে উচ্চতম ন্যায়ালয়ৰ বিপৰীতে সমগ্র প্ৰক্ৰিয়া ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত গতাব লাগে বুলি কয়।













