ASSAM TIMES POST
গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম বাদ পৰা লোকৰ সংখ্যাটোক লৈ ক্ষোভিত হৈ পৰিছে আছাম পাব্লিক ৱৰ্কছ। শনিবাৰে এই সন্দৰ্ভত এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাই কয় যে ৪০ বছৰ এনআৰচিৰ বাবে আন্দোলন কৰাৰ অন্তত আজি মাত্ৰ ১৯ লাখ লোকৰ নামহে বাদ পৰিল।
তেওঁ ৮৫৫ গৰাকী শ্বহীদৰ বলিদান অথলে যোৱা বুলি কয়। ইফালে এনআৰচিৰ পুনৰীক্ষণৰ বাবে তেওঁলোকে কেবাবাৰো ন্যায়ালয়ক আবেদন জনোৱাৰ বিপৰীতে যিসমূহ সংগঠনে তেওঁলোকক চৰকাৰৰ দালাল বুলি সমালোচনা কৰিছিল তেওঁলোকক শৰ্মাই সমালোচনা কৰে।
এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি শৰ্মাই এনআৰচি প্ৰস্তুতত খৰচ হোৱা ১৬০০ কোটি টকাৰ হিচাপ ৰাজহুৱাভাৱে দিব লাগিব বুলি চৰকাৰক প্ৰত্যাহ্বান জনায়।













