ASSAM TIMES POST
নগাঁওঃ অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী আৰু বহু উৎকণ্ঠাৰ পাচত আজি পুৱা প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সংযোজনী তালিকা৷ ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ সম্পূর্ণ খচৰা প্ৰকাশ পোৱাৰ পাচত ৰাজ্যৰ বিভিন্ন দল সংগঠনে এন আৰ চি ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ আছু, অগপ, বিজেপি, অসম পাব্লিক ৱৰ্কচ আদিয়ে অসন্তুষ্টি প্ৰকাশ কৰাৰ সময়তে প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্রী ৰাজেন গোহাঁইয়ে আজি প্ৰকাশিত এন আৰ চি ৰ চূড়ান্ত খচৰা তালিকাক লৈ অসন্তুষ্টি ব্যক্ত কৰে।
এন আৰ চিৰ চূড়ান্ত তালিকাক আসোঁৱাহপৃৰ্ণ আখ্যা দি ৰাজেন গোহাঁইয়ে কয়, এন আৰ চি হৈছে বিদেশীক পট্টা দিয়াৰ দলিল। এন আৰ চি ত যথেষ্ট আসোঁৱাহ আছে।
চৰকাৰী প্ৰশাসন যন্ত্রই বহু সময়ত বিসংগতিপূৰ্ণ কাম কৰিছে। যাৰবাবে প্ৰকৃত বিদেশীৰ নাম কৰ্তন হোৱা নাই।
অসমত ৫০ লাখ, ৬০ লাখ বিদেশী আছে বুলি সময়ে সময়ে প্ৰচাৰ চলি অহাৰ পাচত মাত্ৰ ১৯ লাখৰ নাম কৰ্তন হোৱাটো চিন্তাৰ বিষয় । এইখন অসমীয়া জাতিক ধ্বংস কৰাৰ দলিল হ’ব পাৰে ।
www.assamtimes post.com
fb.com/assamtimespost2019












