ASSAM TIMES POST
গুৱাহাটীঃ ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা অহা ১-১২ নৱেম্বৰত অনুষ্ঠিত হ’ব। সোমবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰে ইয়াৰ আয়োজক সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই।
সেই অনুসৰি গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিতব্য গ্ৰন্থমেলাখনিৰ অহা ২১ অক্টোবৰত লাইখুঁটা স্থাপন কৰা হ’ব।
এইবাৰৰ গ্ৰন্থমেলাখনিটো বিপণীসমূহৰ মাচুল আৰু প্ৰৱেশৰ মাচুল পূৰ্বৰ দৰে একে কৰি ৰখা হৈছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰৱেশৰ মাচুল বিনামূলীয়া। ইফালে গ্ৰন্থমেলাত বিপণীসমূহৰ অংশগ্ৰহণৰ শেষ তাৰিখ ১৫ অক্টোবৰ।













