ASSAM TIMES POST
গুৱাহাটীঃ আগন্তুক উত্তৰ-পূব গ্ৰন্থমেলা (১-১২ নৱেম্বৰ) ত ১০ হাজাৰ টকাতকৈ অধিক কিতাপ ক্ৰয় কৰোতাক বিশেষভাৱে সম্বৰ্ধনা জনাব ইয়াৰ আয়োজক সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই।
এই কথা সদৰী কৰিছে সংস্থাৰ সভাপতি ইমৰাণ আহমেদ আৰু সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে। সোমবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত বিষয়ববীয়াদ্বয়ে কয়, ‘২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা অসমত গ্ৰন্থ অধ্যয়নৰ পৰিবেশ বিকশিত কৰাৰ লক্ষ্য লৈ পৰিচালিত হ’ব।
গ্ৰন্থ-অধ্যয়ন সম্পৰ্কীয় বিভিন্ন অনুষ্ঠান তথা গ্ৰন্থ ক্ৰয়ক উদগণি যোগাবলৈ পঢ়ুৱৈসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু আকৰ্ষণীয় পুৰস্কাৰৰ ব্যৱস্থা কৰা হ’ব। ১০ হাজাৰ টকাৰ ওপৰত অসমীয়া গ্ৰন্থ ক্ৰয় কৰা ব্যক্তিসকলক উত্তৰ-পূব গ্ৰন্থমেলাৰ আয়োজকে বিশেষভাৱে সম্বৰ্ধনা জনাব।’













