ASSAM TIMES POST
নগাঁওঃ ৰাজ্যৰ কংগ্ৰেছ আমোলৰ শেষৰ চোৱা সময়ত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ চৰকাৰী আঁচনিৰ ৰূপায়নৰ নামত সংঘটিত এক কেলেংকাৰীৰ তদন্তত নামিছে চি বি আই।
কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধান সংস্থাটোৰ তিনিজনীয়া এটা বিষয়াৰ দলে নগাঁৱত বাহৰ পাতি ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। জানিব পৰামতে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ অন্তিম সময়ছোৱাত চামগুৰি বিধান সভা সমষ্টিত মুখ্যমন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনাৰ অধীনত দহ হাজাৰ টকাৰ বিনিময়ত একোজন নিবনুৱাক বেংকৰ জৰিয়তে একোখনকৈ ই-ৰিক্সা প্ৰদান কৰা হৈছিল।
এছ আই আৰ ডি (ৰাজ্যিক গ্ৰামোন্নয়ণ প্ৰতিষ্ঠান)ৰ জৰিয়তে আই ডি বি আই বেংকৰ নগাঁও শাখাত নিবনুৱা সকলৰ নামত ভূৱা প্ৰমান পত্ৰ দি বেংকৰ ঋনেৰে ই-ৰিক্সা সমূহ যোগান ধৰা হৈছিল। বেংকে হিতাধিকাৰীৰ পৰা ঋণ ঘূৰাই নোপোৱাত অনুসন্ধান কৰোতে হিতাধিকাৰী সকলে ভূৱা প্ৰমান পত্ৰ দিয়াৰ তথ্য পোহৰলৈ আহে।
এই সম্পৰ্কত বেংকটোৰ কতৃপক্ষৰ অভিযোগ মৰ্মে চি বি আই য়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰি ইতিমধ্যে হিতাধিকাৰী সকললৈ জাননী জাৰি কৰিছে। এই সমগ্ৰ কাণ্ডৰ আঁৰত কংগ্ৰেছ আমোলৰ নগাঁৱৰ এজন প্ৰতাপী মন্ত্ৰী জড়িত থকাৰ অভিযোগ উঠিছে।
উল্লেখ্য সেই সময়ত আই ডি বি আই বেংকৰ নগাঁও শাখাৰ পৰিচালক ৰত্নাম ভট্টাচাৰ্যৰ বিৰুদ্ধে চি বি আই য়ে ২০১৭ চনৰ ১৬ আগষ্টত এক গোচৰ ৰুজু কৰিছিল।













