ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ টীয়ক চাহ বাগিচাৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তক অমানুষিক, বৰ্বৰ আৰু নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ অসম শাখাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে যোৱা ৩ ছেপ্টেম্বৰৰ পুৱা ৬ বজাৰ পৰা বোকাখাততো বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ সমূহ চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷
পিছত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকল গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সমূহ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সৈতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত একেলগে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে যোৱা ৩ ছেপ্তেম্বৰত বোকাখাত আৰু গোলাঘাটৰ দুয়োখন অসামৰিক চিকিৎসালয়ৰ সকলো বহিঃবিভাগ বন্ধ ৰখা হৈছিল। অৱশ্যে এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা জৰুৰী চিকিৎসা সেৱাক ৰেহাই দিয়া গৈছে।

চিকিৎসালয় সমূহে সঘনাই দুস্কৃতিকাৰীয়ে সৃষ্টি কৰা এনে পৰিস্থিতিৰ সন্মুখীন হয়, গতিকে এক সুস্থিৰ পৰিবেশত চিকিৎসকসকলে সেৱা আগবঢ়াবলৈ হ’লে অস্ত্ৰধাৰী নিৰাপত্তাৰক্ষীৰ অৱশ্যেই প্ৰয়োজন আছে বুলি দোহাৰে বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভাৰত ফুকনে।
মানৱ জীৱনক চিকিৎসা প্ৰদানেৰে ৰোগাক্ৰান্ত আৰু মূমূৰ্ষ অৱস্থাৰ পৰা নৱজীৱন প্ৰদান কৰা চিকিৎসকসকলে যিকোনো সময়তে এনে পৰিস্থিতিৰ বলি হ’বলগীয়া হৈ মৃত্যু পৰ্যন্ত সাবটি লোৱা সভ্য সমাজৰ চৰম লজ্জাজনক আৰু দুখৰ কথা বুলি অভিহিত কৰিছে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে।
দুয়োখন অসামৰিক চিকিৎসালয়ৰ প্ৰতিবাদী চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে অতি ক্ষোভেৰে দেশৰ ন্যায়পালিকাৰ পৰা ঘটনাৰ উচিত তদন্তৰ তথা দোষীৰ কঠোৰৰ পৰাও কঠোৰতম শাস্তিৰ দাবী জনাইছে ।













