![]()
নিউজ ডেস্কঃ
শিশুসকলৰ অপুষ্টিৰ পৰা নিবনুৱা সমস্যা সমাধান, বা সকলোৰে বাবে শিক্ষা, কর্মসংস্থাপন— মোদী চৰকাৰৰ দিনত এই সকলোৰেই অৱনিত ঘটিছে। উন্নয়নৰ হিচাবত পিছুৱাই গৈছে ভাৰত। আনকি শ্রীলঙ্কা, ভূটানৰ দৰে প্রতিবেশী দেশবোৰতকৈও পিছুৱাই গৈছে। এই কথা প্ৰকাশ ৰাষ্ট্রসঙ্ঘৰ ৰিপোৰ্টত।
ৰাষ্ট্রসঙ্ঘই প্ৰকাশ কৰা ‘ছাছটেইনেবল ডেভেলপমেন্ট গোল’ বা স্থায়ী উন্নতিৰ সূচকত আগৰ তুলনাত দুটা ৰেংক তললৈ নামিল ভাৰত। কাৰণ হিচাবে কোৱা হৈছে, দেশৰ নাগৰিকক খাদ্য সুৰক্ষা দিয়াত আৰু লিঙ্গ বৈষম্য দূৰ কৰাত ব্যর্থ মোদী চৰকাৰ। প্রতিবেশী বাংলাদেশ, ভূটান, নেপাল, শ্রীলঙ্কাৰ দৰে সৰু সৰু দেশ উক্ত তালিকাত ভাৰতৰ ওপৰত আছে।
উল্লেখযোগ্য যে ২০১৫ চনত ৰাষ্ট্রসঙ্ঘই ‘ছাছটেইনেবল ডেভেলপমেন্ট গোল’ পৰিকল্পনা গ্রহণ কৰে। ২০৩০ চনৰ ভিতৰত বিশ্বত যাতে শান্তি আৰু সমৃদ্ধি আহে, তাৰ বাবে উক্ত পৰিকল্পনা গ্রহণ কৰা হয়। ইয়াৰ অধীনত ১৭টি বিষয়ক চিহ্নিত কৰা হয়। উক্ত ১৭টি বিষয়ৰ ভিতৰত প্রথমতেই আছে দাৰিদ্র দূৰীকৰণ। দ্বিতীয়, তৃতীয়, চতুর্থ আৰু পঞ্চম স্থানত যথাক্রমে আছে সকলোৰে বাবে খাদ্য সুৰক্ষা, সুস্বাস্থ্য, উন্নত মানৰ শিক্ষা, লিঙ্গ বৈষম্য ৰোধ। দেশবোৰক এই ১৭টি বিষয়ত নজৰ দিবলৈ কয় ৰাষ্ট্রসঙ্ঘই।
ভাৰত এই দ্বিতীয় আৰু পঞ্চম বিষয়ৰ বাবেই সূচকত পিছ পৰিছে। এই ৰিপোর্ট প্রকাশিত হোৱাৰ পিছতেই ভাৰতত শিশু অপুষ্টিৰ কৰুণ দশা পোহৰলৈ আহিল।










