![]()
নিউজ ডেস্কঃ
পাকিস্তানৰ সিন্ধ প্রদেশত ভয়াৱহ ৰে’ল দুর্ঘটনাত মৃত্যু হ’ল কমেও ৩০ জন। আনহাতে, আহত হৈছে ৫০ জনৰো অধিক। হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
সোমবাৰে পুৱা এই দুর্ঘটনাটো সংঘটিত হয় সিন্ধ প্রদেশৰ ঘোটকি জিলাৰ দাৰকিত। কৰাচিৰ পৰা সাৰগোধাগামী মিল্লাত এক্সপ্রেছ আৰু ৰাৱালপিণ্ডিৰ পৰা অহা ছাৰ ছৈয়দ এক্সপ্রেছৰ মুখামুখী সংঘর্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। ৰাওতি ষ্টেচনৰ ওচৰত সংঘটিত হয় এই দুর্ঘটনা।
খবৰ পোৱা মাত্ৰকে উদ্ধাৰ কাৰ্যত নামে স্থানীয় প্রশাসন। দুর্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্তৰ নির্দেশ দিছে প্রশাসনে।










