![]()
নিউজ ডেস্কঃ
দেশত ২৩ কোটি মানুহক টীকা দিয়া হৈ গৈছে। এই কথা আজি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয়, “আমি যেতিয়াৰ কথা কৈছো, তেতিয়ালৈ এই টীকাকৰণ সম্পূর্ণ হৈ যাব। আমি কম সময়ৰ ভিতৰতে বহুখিনি লক্ষ্য পূৰণ কৰিছো। যোৱা বছৰ এপ্রিলত আমি টীকা টাস্ক ফৰ্চ গঠন কৰিছো। আৰু দ্রুততাৰে টীকাৰ যোগান বাঢ়িব। দেশত ৭টা কোম্পানীয়ে টীকা তৈয়াৰ কৰিছে। ৩টা কোম্পানীয়ে পৃথকে পৃথকে টীকাৰ ট্রায়েল চলাইছে। অন্য দেশৰ পৰাও টীকা কিনা সন্দৰ্ভত জোৰ দিয়া হৈছে। শিশুসকলৰ বাবেও দুটা টীকাৰ ট্রায়েল চলিছে।”










