![]()
নিউজ ডেস্কঃ
দেশত কৰোনাৰ ঢৌৱে ঢৌৱাই যোৱাৰ সময়ত দেশবাসীৰ বাবে প্রধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনা আৰম্ভ কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। প্রথম ঢৌ চম্ভালি উঠিলেও দেশত পুনৰ বিভীষিকা সৃষ্টি কৰে কোভিডৰ দ্বিতীয় ঢৌৱে। এই পৰিস্থিতিত যাতে ১৩০ কোটি দেশবাসীৰ কোনো খালী পেটত নাথাকে তাৰ বাবে বৃহৎ ঘোষণা কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।
তেওঁ জনায়, নৱেম্বৰ মাহ পর্যন্ত বিনামূল্যে ৰেচন দিয়াৰ প্রকল্প চলাব কেন্দ্রীয় চৰকাৰে। দীপাৱলী পর্যন্ত জাৰি থাকিব এই প্রকল্প। প্রধানমন্ত্রীয়ে লগতে কয়, ৮ মাহ ধৰি ৮০ কোটি মানুহে গৰীব কল্যাণ অন্ন যোজনাৰ সুবিধা পাইছে। বৰ্তমানো এই যোজনা চলি থাকিব। তেওঁ লগতে কয়, ‘দেশৰ কোনো মানুহ খালী পেটে থাকিব নালাগে।’ এই প্রকল্পৰ অধীনত সাধাৰণ মানুহে প্রতি মাহত ৫ কেজি গম অথবা চাউল পাব বিনামূল্য।










