![]()
নিউজ ডেস্কঃ
সোমবাৰে আবেলি পুনেৰ পিৰাংগুটৰ ওচৰৰ উৰাৱাদেৰ এটা ব্যক্তিগত কোম্পানীত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত কমেও আঠজন লোকৰ মৃত্যু হৈছে। জুইলগাৰ সময়ত ভৱনটোৰ ভিতৰত আৱদ্ধ হৈ থকা আন কেইবাজনো লোকক বিচাৰি উলিওৱাৰ চেষ্টা এতিয়াও চলি আছে।
পানী বিশুদ্ধকৰণৰ বাবে ক্লোৰিন ডাই অক্সাইড টেবলেট প্ৰস্তুত কৰা কোম্পানী এছভিএছ একুৱা টেকন’লজিছত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
‘প্রায় ১৫ৰ পৰা ১৬ জন শ্রমিক কাৰখানাটোত আবদ্ধ হৈ আছিল। আৰক্ষীৰ দল আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীলৈ আহি এই পর্যন্ত আঠটা মৃতদেহ উদ্ধাৰ কৰিছে।’ পুনে গ্রাম্য আৰক্ষী অধীক্ষক অভিনৱ দেশমুখে এনেদৰে কয়।
অগ্নিকাণ্ডৰ বিষয়ে তথ্য লাভ কৰি পুনে মেট্ৰ’পলিটান ৰিজিয়ন ডেভেলপমেণ্ট অথৰিটি (পিএমআৰডিএ) আৰু মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগম (এমআইডিচি)ৰ অগ্নি নিৰ্বাপক বাহিনীৰ দল, অগ্নি নিৰ্বাপক গাড়ী, পানীৰ টেংকাৰ আৰু অগ্নি নিৰ্বাপক সঁজুলি লৈ ঘটনাস্থলীত উপস্থিত হয়।
অট্টালিকাৰ পৰা ওলোৱা ধোঁৱা আৰু জুইয়ে অঞ্চলটোত আতংকৰ সৃষ্টি কৰে। প্ৰাথমিকভাৱে সন্দেহ কৰা মতে কোম্পানীটোত চেনিটাইজাৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়ত জুই লাগে।
অৱশ্যে আৰক্ষীৰ মতে জুইলগাৰ কাৰণ এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই।










