![]()
নিউজ ডেস্কঃ
গছৰ এটা ডালত যদি লেংড়া, আনটো ডালত দশেৰি। আকৌ ওচৰৰ ডালটোত হয়তো ফজলি! সপোন নহয়, নহয় এয়া ৰূপকথাও৷ বা সজাই থোৱা গছো নহয়। এই বাস্তৱৰেই যেন এডাল ‘যাদু গছ’। দীর্ঘদিনৰ গৱেষণা আৰু প্রচেষ্টাত ইয়াৰ জন্ম। আছে উত্তৰ প্রদেশৰ চাহাৰানপুৰত। গছডাল চাবলৈ এতিয়া তাত মানুহৰ লানি নিছিগা সোঁত৷
চাহাৰানপুৰ জিলাৰ কোম্পানি বাগ অঞ্চলত আছে হর্টিকালচাৰ এণ্ড ষ্টাডিং হার্ট। তাত উদ্ভিদৰ ওপৰত গৱেষণা হয়। উক্ত গৱেষণা কেন্দ্রৰেই এডাল গছত সম্প্রতি ১২১ প্রজাতিৰ আম লাগিছে। কি আম নাই গছডালত? লেংড়া, চৌসা, দশেৰি, ৰামকেলা, আম্রপলি, চাহাৰানপুৰ বৰুণ, চাহাৰানপুৰ ৰাজীৱ, চাহাৰানপুৰ সৌৰভ, চাহাৰানপুৰ গৌৰৱ, চাহাৰানপুৰ অৰুণ— এটা এটা ডালত লাগিছে এনে ধৰণৰ শতাধিক আম।
তালিকা ইয়াতেই শেষ নহয়। লক্ষ্ণৌ চফেদা, টমি এট কিংছ, পুছা সৌৰ, ছেনছেচন, ৰাতাউল, কলমি মালদাৰ আম, বোম্বে, স্মিথ, মেগনিফেৰা জালোনি, গোলা বুলন্দচহৰ, লাৰাঙ্কু, এলআৰ স্পেচিয়েল, আলামপুৰ বেনিশা, আছোজিয়া দেওবন্দ ইত্যাদি বিভিন্ন প্ৰকাৰ।
প্রশ্ন উঠিছে, কেনেদৰে এডাল গছত ইমান প্রজাতিৰ আম লাগিল? বিশেষজ্ঞসকলে কয়, গ্রাফ্টিঙৰ মাধ্যমেৰে এয়া কৰা হৈছে। এনেই গছৰ ক্ষেত্রত গ্রাফ্টিং সহজ। এটা ডালৰ সৈতে অন্য ডাল জোৰা দিলেই হৈ যায়। ইয়াৰ আকৌ বিশেষ প্রক্রিয়া আছে। কিন্তু একেলগে ইমান প্রজাতিৰ মিশ্রণ ঘটোৱা সহজ কাম নহয়। সুদীর্ঘ ১৫ বছৰ অপেক্ষাৰ পিছতহে লাভ কৰা গৈছে ইয়াৰ ফল।











