![]()
নিউজ ডেস্কঃ
দাউ দাউকৈ জ্বলিছে জুই। তাকো আকৌ সমুদ্রত! নীলা ৰঙৰ পানীৰ ঢৌৰ লগতে বিয়পি পৰিছে জুই। অবাক হ’বলগা এই ভিডিও টুইটাৰত শ্বেয়াৰ লগে লগেই ভাইৰেল হৈ পৰিছে।
সূত্র মতে, শুক্রবাৰে পুৱা মেক্সিকোৰ উপসাগৰৰ মাজত জুই লাগে। ইউকাটান উপদ্বীপ এলেকাৰ অতি ওচৰৰ সমুদ্রতেই এই জুই দেখা পায় স্থানীয় লোকসকলে। তাৰ পিছত খবৰ বিয়পি পৰাৰ লগে লগেই সৰু সৰু জাহাজত মানুহ গৈ জুই নুমুওৱাৰ চেষ্টা কৰে।
মেক্সিকোৰ তেল প্রস্তুতকাৰী কোম্পানী পেমেক্সৰ তৰফৰ পৰা সংবাদ মাধ্যমক জনায় যে, সমুদ্রৰ তলত বহু পাইপ লাইন আছে। যাৰ সহায়ত দেশৰ দুটি গুৰুত্বপূর্ণ কেন্দ্রৰ মাজত যোগাযোগ ৰখা হয়। এই পাইপ লাইনৰ গেছ ওলায়েই সমুদ্রৰ মাজত জুই লাগে। তাৰ পিছতেই সেয়া বিয়পি পৰে ওচৰে-পাজৰে। জাহাজ নমাই জুই নুমুওৱাৰ চেষ্টা আৰম্ভ কৰা তাৰ পিছতেই। প্রায় ৫ ঘণ্টাৰ চেষ্টাৰ পিছত জুই নুমুওৱা সম্ভৱ হয়।











