![]()
নিউজ ডেস্কঃ
লাইটৰ বিল বাকী আছে নৱজ্যোত সিং সিদ্ধুৰ। বিলৰ পৰিমাণ শুনিলে চমকি উঠিব লাগিব। ৮.৬৭ লক্ষ টকা! প্রাক্তন ক্রিকেটাৰ তথা পঞ্জাবৰ প্রাক্তন মন্ত্রীজনৰ এই বকেয়া বিল আঠ মাহৰ। আঠ মাহ ধৰি এক পইচাও দিয়া নাই তেওঁ। উল্লেখযোগ্য যে সম্প্রতি পঞ্জাবৰ বিদ্যুৎশক্তি সংক্রান্ত সমস্যা সন্দৰ্ভত টুইট কৰিছিল সিদ্ধুই। তাৰ পিছতেই লক্ষ লক্ষ টকাৰ ইলেকট্রিক বিলৰ ছবি ছচিয়েল মিডিয়াত বিয়পি পৰে।
পঞ্জাব ষ্টেট পাৱাৰ কর্প’ৰেচন লিমিটেডৰ ৱেবছাইটতেই দেখুওৱা হৈছে, সিদ্ধুৰ অমৃতসৰৰ ঘৰৰ বকেয়া বিল ৮,৬৭,৫৪০ টকা। এই টকা জমা দিয়াৰ শেষ তাৰিখ ২ জুলাই বুলি জনোৱা হৈছে। এই লৈ সিদ্ধুৰ বক্তব্য জনাৰ চেষ্টা সত্ত্বেও কোনো লাভ হোৱা নাই। তেওঁ উত্তৰ দিয়া নাই।











