![]()
নিউজ ডেস্কঃ
বুধবাৰে সন্ধিয়া হ’ব বহু চৰ্চিত মোদী চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ৰদবদল৷ লগতে সন্ধিয়াই শপত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৪৩জনীয়া নতুন মন্ত্ৰী পৰিষদৰ৷ তাৰ পূৰ্বে আজি নিজৰ মন্ত্ৰিত্ব পদৰ পৰা পদত্যাগ কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক, স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধন, শ্ৰম আৰু নিযুক্তি মন্ত্ৰী সন্তোষ কুমাৰ গাংৱাৰ, মহিলা আৰু শিশু বিকাশ ৰাজ্যিক মন্ত্ৰী দেৱশ্ৰী চৌধুৰীকে ধৰি ১১জন মন্ত্ৰীয়ে।
ইয়াৰ উপৰি সদানন্দ গৌড়া, সঞ্জয় ধোত্ৰে, থাৱাৰচান্দ গেহলট, ৰাও চাহেব পাটিল, ৰতন লাল কাটাৰিয়া, বাবুল সুপ্ৰিয় আৰু প্ৰতাপ চাৰংগীয়েও মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰা বুলি সূত্ৰত প্ৰকাশ।

উল্লেখ্য, প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হৈছে আজিৰ এই গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক৷ উক্ত বৈঠকত উপস্থিত আছে বিজেপিৰ মহাসচিব ভূপেন্দ্ৰ যাদৱ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মধ্য প্ৰদেশৰ ৰাজ্যসভাৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়া, মহাৰাষ্ট্ৰৰ ৰাজ্যসভাৰ সাংসদ নাৰায়ণ ৰাণেকে ধৰি কেইবাজনো বিজেপিৰ নেতা তথা।
আজি সন্ধিয়া ৬ বজাত ঘোষণা হ’ব পাৰে কেন্দ্ৰৰ নতুন মন্ত্ৰী পৰিষদ৷ আনহাতে, সন্ধিয়াতে শপত ল’ব নতুন মন্ত্ৰী পৰিষদে৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন মন্ত্ৰীসভাত স্থানলাভ কৰাটো এক প্ৰকাৰ প্ৰায় নিশ্চিত বুলি জানিব পৰা গৈছে৷











