![]()
নিউজ ডেস্কঃ
‘গুৰু গ্রন্থচাহেব’ লগত লৈ কাবুলৰ পৰা দেশলৈ উভতিল ৭৮ ভাৰতীয়। আফগানিস্তানৰ কাবুল বিমানবন্দৰৰ পৰা ৭৮ গৰাকী যাত্রী লৈ দিল্লীলৈ আহে বায়ুসেনাৰ বিশেষ বিমান। বিদেশ মন্ত্ৰালয়ৰ সূত্ৰ মতে, কাবুলৰ গুৰুদ্বাৰৰ পৰা ‘গুৰু গ্রন্থচাহেব’ লগত লৈ ৪৪ জন শিখ সম্প্রদায়ৰ মানুষ আজি দেশলৈ উভতে। ভাৰত চৰকাৰে বায়ুসেনাৰ বিশেষ বিমানত পুৱা আৰু বিয়লি ভাৰতীয়সকলক কাবুলৰ পৰা দেশলৈ উভতাই অনা হৈছে।
মঙ্গলবাৰে পুৱাতেই আফগানিস্তানৰ পৰা বিমানত দিল্লীলৈ উভতিছে ৪৬ জন আফগান হিন্দু আৰু শিখৰ এটি দল। তেওঁলোকৰ সৈতে ভাৰতলৈ আহে শিখসকলৰ ধর্মগ্রন্থ ‘গুৰু গ্রন্থচাহিব’। কাবুলৰ পৰা মুঠ তিনিখন শিখ-ধর্মগ্রন্থ ভাৰতলৈ আহিছে। সেই সময়ত বিমানবন্দৰতেই আছিল কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰী। এখন গ্রন্থ মূৰত তুলি বিমানবন্দৰৰ পৰা বাহিৰলৈ ওলোৱা দেখা গৈছে তেওঁক। উক্ত মুহূর্তৰ এটি ভিডিও ছচিয়েল মিডিয়াত নিজেই শ্বেয়াৰ কৰিছে বিজেপিৰ ৰাজ্যসভাৰ সাংসদজনে।











