![]()
নিউজ ডেস্কঃ
প্রেমিকাই বিশ্বাসঘাতকতা আৰু প্ৰেম প্রত্যাখান কৰাৰ দুখত আত্মহত্যা কৰিলে ভাৰতীয় জনতা যুৱ মর্চাৰ নেতা গোপাল সিং ৰাজপুৰে। দলৰ যুৱ নেতাগৰাকীৰ মৃত্যুত শোক প্রকাশ বিজেপি নেতৃবৰ্গৰ। ঘটনাটি ঘটিছে ছত্তিশগড়ৰ দুর্গ এলেকাত।
আৰক্ষী সূত্র মতে, নিহত বিজেপি যুৱ মর্চাৰ নেতা গোপালৰ ঘৰত পোৱা গৈছে এখন ছুইচাইড নোট। প্রেমিকাৰ সৈতে মনোমালিন্য আৰু প্রেমিকাই বিশ্বাসঘাতকতা কৰা বুলি লিখা আছে ছুইচাইড নোটত। প্ৰাথমিক অনুমান অনুসৰি হাতৰ শিৰা কাটি আত্মহত্যা কৰিছে গোপালে।
নিহত যুৱ নেতাগৰাকীৰ পৰিয়ালৰ সূত্র মতে, নিশাৰ আহাৰ কৰি নিজৰ কোঠালৈ গৈ শুইছিল গোপাল। কিন্তু পুৱা বহু সময় ধৰি টোপনিৰ পৰা নুঠাত সন্দেহ হয় পৰিয়ালৰ। তেতিয়াই পৰিয়ালৰ লোকে দৰ্জা ভাঙি উদ্ধাৰ কৰে গোপালৰ মৃতদেহ। লগে লগে খবৰ দিয়া হয় স্থানীয় আৰক্ষী থানাত। আৰক্ষী আহি মৃতদেহটি উদ্ধাৰ কৰি পোষ্টমৰ্টেমৰ বাবে প্ৰেৰণ কৰে।











