![]()
নিউজ ডেক্স:
এটা পৰিয়ালৰ ছয়জন সদস্যই মাটিত বহি গ্ৰহণ কৰি আছিল নৈশ আহাৰ। তেনেতে কিবা এটা শব্দ হোৱাত সৰু সন্তানটোৱে ওপৰলৈ চায়। কিন্তু কেই চেকেণ্ডমানৰ ভিতৰতে তেওঁলোকৰ মাজত খহি পৰে চিলিং ফেনখন। তাতোকৈ আচৰিত কথা, ফেনখন মাজত সৰি পৰিলেও কোনো এজন ব্যক্তিয়ে আঘাত নোপোৱাকৈ বাচি যায়।
ViralHogg এ এই শিহৰণকাৰী ভিডিওটো Youtube ত আপলোড কৰিছে। এই আশ্বৰ্যকৰ ভিডিওটো চাই সকলো অবাক হৈ গৈছে।
জানিব পৰা মতে, ভিডিওটো ভিয়েটনামৰ এটা পৰিয়ালৰ। পৰিয়ালটোৰ ঘৰত থকা সুৰক্ষা কেমেৰাত এই ভিডিওটো ৰেকৰ্ড হয়।










