![]()
নিউজ ডেস্কঃ
কোভিড পৰিস্থিতি অলপ স্বাভাৱিক হওঁতেই দেশৰ ১২খন ৰাজ্যত খুলিছে স্কুল। আনহাতে, কিছু ৰাজ্যই ছেপ্টেম্বৰৰ পৰাই স্কুল খোলাৰ সিদ্ধান্ত লৈছে। অৱশ্যে অসমকে ধৰি উত্তৰ-পূর্বৰ সাতখন ৰাজ্য আৰু মহাৰাষ্ট্র, কেৰালা, জম্মু-কাশ্মীৰ, হিমাচল প্রদেশ আৰু পশ্চিমবঙ্গত এতিয়াও শিক্ষা প্রতিষ্ঠানবোৰ বন্ধই আছে। অৱশ্যে অসমৰ মেডিকেল, ইঞ্জিনিয়াৰিং, নাৰ্ছিং আৰু ডেণ্টেল প্ৰতিষ্ঠানবোৰ খোলাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷
উল্লেখ্য, এবছৰৰো বেছি সময় দেশৰ শিক্ষা প্রতিষ্ঠানবোৰ বন্ধ আছিল। কিন্তু বহু কেইখন ৰাজ্যত কোভিড পৰিস্থিতি অলপ স্বাভাৱিক হোৱাৰ লগে লগেই শিক্ষা প্রতিষ্ঠানবোৰ খোলাৰ অনুমতি দিছে। প্রাথমিকভাবে উচ্চ শ্রেণীৰ আৰু লাহে লাহে নিম্ন শ্রেণীৰ পাঠদানো আৰম্ভ হৈছে। তাৰ মাজতে আকৌ কোভিড পৰিস্থিতিত স্কুল খোলা উচিত নে অনুচিত সেই সন্দৰ্ভতো যথেষ্ট বিতর্ক হৈছে।
অৱশ্যে সামগ্রিকভাবে যে শিক্ষাৰ ক্ষতি হৈছে সেইটো মানি লৈছে বেছিভাগেই। সেয়ে শিক্ষাৰ্থীসকলৰ স্বার্থত আৰু একে সময়তে কোভিড পৰিস্থিতিৰ কথা মনত ৰাখি বহু ৰাজ্যই সতর্ক হৈ স্কুল খোলাৰ অনুমতি দিছে। ইফালে বুধবাৰৰ পৰা দিল্লীতো খুলিব স্কুল ৷











