![]()
নিউজ ডেস্কঃ
দেশৰ অসংগঠিত শ্রমিকসকলৰ সুবিধার্থে নতুন ই–শ্রম পর্টেল প্ৰৱৰ্তন কৰিলে কেন্দ্রীয় শ্রম মন্ত্রালয়ে। একাধিক অসংগঠিত ক্ষেত্রৰ লোক ইয়াৰ দ্বাৰা উপকৃত হ’ব বুলি কেন্দ্রৰ দাবী। ২৬ আগষ্টৰ পৰা আৰম্ভ হৈছে এই পর্টেল। দেশজুৰি ইতিমধ্যে ৰেজিষ্ট্ৰেচন প্রক্রিয়াও আৰম্ভ হৈছে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় পর্যায়ত শ্রমিকসকলৰ ডেটাবেছ তৈয়াৰ কৰা হ’ব। কেন্দ্রৰ দাবী, এই পর্টেলক কামত লগাই প্রায় ৩৮ কোটি শ্রমিকক বিভিন্ন সুবিধা উপলব্ধ কৰোৱাটো সম্ভৱ হ’ব। আনকি ২ লক্ষ টকা পর্যন্ত দুর্ঘটনা বীমাও পাব তেওঁলোকে।
ই–শ্রম পর্টেলত পঞ্জীয়ন কৰি কার্ড বনাই ল’লে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধাবোৰ পোৱা যাব। পঞ্জীয়নৰ বাবে প্রথমতে https://www.eshram.gov.in/ ত লগইন কৰিব লাগিব। তাত Register on e-Shram-ৰ অপচন আহিব। পঞ্জীয়নৰ বাবে লাগিব আধাৰ নম্বৰ। ইয়াৰ পিছতেই ডেটাবেছত থকা অসংগঠিত শ্রমিকসকলৰ সকলো তথ্য নিজে নিজেই দেখুৱাব। এবাৰ চৰকাৰী সুবিধা পাবলৈ বেঙ্ক একাউন্টৰ বিস্তাৰিত তথ্য আৰু মোবাইল নম্বৰসহ গুৰুত্বপূর্ণ তথ্যবোৰ দিব লাগিব। ইয়াৰ পিছতে তৈয়াৰ হৈ যাব আপোনাৰ ই–শ্রম কার্ড। য’ত ১২ সংখ্যাৰ ইউনিভাৰ্ছেল একাউন্ট নম্বৰ থাকিব।
পঞ্জীয়নত সমস্যা হ’লে ১৪৪৩৪ টোল ফ্রি নম্বৰতো ফোন কৰিব পাৰে। ইয়াৰ জৰিয়তে প্ৰব্ৰজিত শ্রমিকসকলৰ বিস্তাৰিত তথ্যও চৰকাৰৰ দৃষ্টিত থাকিব। কেন্দ্রীয় শ্রমমন্ত্রী ভূপেন্দ্র যাদৱে এই সন্দৰ্ভত কয় যে এই পর্টেলত পঞিজীয়ন কৰা থাকিলে শ্রমিকসকলক চৰকাৰী আঁচনিৰ সুবিধাবোৰ উপলব্ধ কৰাব পৰা যাব। লগতে ই–শ্রম কার্ড থকাসকলে ২ লাখ টকাৰ বীমাও পাব। যদি কোনো শ্রমিকৰ দুর্ঘটনাত মৃত্যু হয় অথবা সম্পূর্ণ অক্ষম হৈ পৰে, তেনে ক্ষেত্রত বিনামূল্যে ২ লাখ টকা বীমা পাব। আৰু দুর্ঘটনাত যদি কোনো আংশিকভাৱে অক্ষম হয়, তেন্তে ১ লাখ টকা পাব।











