![]()
নিউজ ডেস্কঃ
মধ্যপ্রদেশৰ ছিঙ্গৰাউলি জিলাৰ বাসিন্দা ৬৪ বছৰীয়া এগৰাকী বৃদ্ধ। পত্নীৰ ওপৰত অনবৰতে সন্দেহ হৈ থাকে৷ তেওঁৰ ধাৰণা, গাঁৱৰ কাৰোবাৰ সৈতে পত্নীৰ পৰকীয়া সম্পৰ্ক। প্রায় প্রতিদিনেই ৫৫ বছৰীয়া পত্নীক মাৰধৰ কৰে। শনিবাৰে খং আৰু এখোপ চৰে৷ খঙৰ কোবত বেজী-সূতাৰে পত্নীৰ যৌনাঙ্গ চিলাই কৰি দিয়ে। যন্ত্রণাত চিঞৰি উঠে মহিলাগৰাকী। তাৰ পিছতেই স্থানীয় থানাত অভিযোগ জনায়। এগৰাকী মহিলা আৰক্ষীকর্মীৰ সৈতে তেওঁক হস্পিটেললৈ পঠোৱা হয়। তাত চিকিৎসকে চিলাই খোলে। মহিলাগৰাকীৰ যৌনাঙ্গ ক্ষতিগ্রস্ত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অভিযোগ লাভ কৰি অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ যায়। কিন্তু পত্নীয়ে বিচাৰে স্বামীৰ কঠোৰ শাস্তি হওক।











