![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশত কপালত লোৰ ৰডৰ আঘাত লাগি গুৰুতৰভাবে আহত হ’ল এগৰাকী মহিলা আৰক্ষী। ভাইৰেল হোৱা ভিডিওত ক্ষতস্থানৰ পৰা প্রচুৰ ৰক্তক্ষৰণ দেখা গৈছে। জানিব পৰা মতে, এই ঘটনা লখনৌৰ।
https://twitter.com/JBreakingBajpai/status/1432006132088729602
সূত্রৰ খবৰ মতে, আলিগঞ্জ এলেকাত কর্তব্যৰত আছিল মহিলা কনিষ্টবলগৰাকী। তেওঁলৈ চাই অশালীন মন্তব্য কৰে এজন যুৱকে। কনিষ্টবলগৰাকীয়ে ইয়াৰ প্রতিবাদ কৰিবলৈ যোৱাত তেওঁৰ ওপৰত ৰডেৰে আক্ৰমণ কৰে যুৱকজনে।
জানিব পৰা মতে, যুৱকজনৰ নাম প্রভাত কুমাৰ। অশালীন আচৰণ, হত্যাৰ চেষ্টা আৰু কর্তব্যৰত আৰক্ষীক গুৰুতৰভাবে আঘাত কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মহিলা কনিষ্টবলগৰাকীক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।











