![]()
নিউজ ডেস্কঃ
তালিবানি শাসনত কেৱল মহিলাসকলেই নহয়, অতীতত বহু পুৰুষৰ জীৱন-যাপনো নৰক যন্ত্রণা হৈ পৰিছিল। আনকি ‘ইছলাম বিৰোধী’ পশ্চিমীয়া ষ্টাইলত চুলি কটাৰ অপৰাধত গ্রেপ্তাৰৰ পৰা জে’ল– সকলো ধৰণৰ অত্যাচাৰেই সহ্য কৰিবলগা হৈছিল দেশৰ বহু নাপিতে। ২০ বছৰ আগৰ সেই অন্ধকাৰ দিন পুনৰ আফগানিস্তানলৈ ঘূৰি আহিব পাৰে। আশঙ্কাত ভুগিছে দেশখনৰ নাপিতসকল। হলিউডৰ নায়ক বা পশ্চিমীয়া ৰকষ্টাৰসকলৰ চুলিৰ কায়দা অনুকৰণ কৰিবলৈ গৈ ২০ বছৰ আগতে তালিবানি শাসকৰ কোপত পৰিছিল আফগানিস্তানৰ বহু যুৱক।
২০০১ চনত তেওঁলোকৰ বহুতৰে মুণ্ডন কৰাই দিছিল। উক্ত আফগান যুৱকসকলৰ ‘অপৰাধ’ আছিল ১৯৯৭ চনৰ হলিউডৰ ছবি ‘টাইটানিক’ৰ নায়কৰ চৰিত্রত অভিনয় কৰা লিওনার্দো ডিক্যাপ্রিওৰ চুলিৰ ষ্টাইল অনুকৰণ কৰিব বিচাৰিছিল। আৰু তাতেই ঘটিছিল বিপত্তি। আনকি ৰকবেণ্ড ‘বিট্লছ’ৰ সদস্যসকলৰ চুলিৰ ষ্টাইল অনুকৰণ কৰিবলৈ গৈও একেই দশা হৈছিল। ৰেহাই পোৱা নাছিল কাবুলৰ নাপিতসকলেও। তালিবান শাসকে এনে ধৰণৰ ‘বিদেশী’ হেয়াৰকাট বন্ধ কৰাৰ বাবে নাপিতসকলৰ ওপৰত কার্যত ফটোৱা জাৰি কৰা হয়। সেই দিন ঘূৰি অহাৰ আশঙ্কা কৰিছে আফগান নাপিতসকলে।











