![]()
নিউজ ডেস্কঃ
আমেৰিকান সেনাই আফগানিস্তানৰ মাটি এৰিছে। সেই প্ৰসংগতে এক চাঞ্চল্যকৰ দাবী কৰিলে আমেৰিকান কংগ্রেছৰ এজন সদস্যই। তেওঁৰ দাবী, প্রায় ৮ হাজাৰ ৫০০ কোটি ডলাৰৰ অস্ত্র আফগানিস্তানত এৰি থৈ আহিছে আমেৰিকাই। যিবোৰ পোনপটীয়াকৈ তালিবানৰ দখললৈ গৈছে।
জিম বেঙ্কছ নামৰ ৰিপাব্লিকান পার্টিৰ সদস্যজন আফগানিস্তানত অস্ত্র সৰবৰাহৰ দায়িত্বত আছিল। তেওঁ কয়, ‘‘প্রশাসনৰ গাফিলতিৰ বাবেই এই ঘটনা ঘটিছে। আমেৰিকাৰ বিপুল পৰিমাণৰ ব্লেক হক হেলিকপ্টাৰ এতিয়া তালিবানৰ দখলত। পৃথিৱীৰ ৮৫ শতাংশৰো বেছি দেশৰ হাতত যি পৰিমাণত এই বিশেষ হেলিকপ্টাৰ আছে, তাতকৈও বেছি আছে তালিবানৰ হাতত।’’
স্থানীয় সূত্র মতে, তালিবান যোদ্ধাসকলে বাহ্যিক চেহেৰাত সলনি আনিবলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ বহু সেনা ঘাটিত থকা আমেৰিকান বাহিনীৰ নতুন পোছাক এতিয়া হস্তগত কৰিছে তালিবানে। বৰ্তমান আগৰ দৰে একে-৪৭ হাতত লোৱা তালিবানক দেখা পোৱা নাযায়। এতিয়া তালিবানে হাতত এম-৪ লৈ ঘূৰে। আফগান সেনাক আমেৰিকাই দিয়া অস্ত্র হাতত পোৱাৰ ফলত লাহে লাহে সলনি হ’ব ধৰিছে তালিবান যোদ্ধাসকলৰ চেহেৰাও।











