![]()
নিউজ ডেস্কঃ
আফগান ভূমি এৰাৰ পূৰ্বে কাবুল বিমানবন্দৰত তেওঁলোকৰ হেলিকপ্টাৰ আৰু বিমানবোৰ নিষ্ক্রিয় কৰিলে আমেৰিকান বাহিনীয়ে।
চেণ্ট্ৰেল কমাণ্ড হেড জেনেৰেল কেনেথ মেকেঞ্জিয়ে জনাইছে, হামিদ কাৰজাই আন্তর্জাতিক বিমানবন্দৰত তেওঁলোকৰ ৭৩খন সেনা হেলিকপ্টাৰ আৰু বিমানক নিষ্ক্ৰিয় কৰা হৈছে। উক্ত বিমান আৰু হেলিকপ্টাৰবোৰ আৰু উৰ্ব পৰা অৱস্থাত নাই। কোনো ধৰণেই সেইবোৰ পুনৰ চলাব পৰা নাযাব।
উল্লেখ্য, আফগানিস্তানৰ এটা এটাকৈ অঞ্চল তালিবানে দখল কৰাৰ সময়ত আফগান বাহিনীক দিয়া আমেৰিকাৰ অত্যাধুনিক অস্ত্র, গাড়ীসহ বিপুল অস্ত্র ভাণ্ডাৰ তালিবানৰ দখললৈ গুচি যায়। এই বিপুল পৰিমাণৰ অস্ত্র তালিবানৰ হাতলৈ যোৱাত উদ্বেগ প্রকাশ কৰে আন্তর্জাতিক মহলে। কিন্তু সেই ভুলৰ পুনৰাবৃত্তি যাতে নহয়, তাৰ বাবেই এইবাৰ আফগানিস্তান এৰাৰ পূৰ্বে কাবুল বিমানবন্দৰত ৭৩খন সেনা হেলিকপ্টাৰ আৰু বিমান নিষ্ক্রিয় কৰা বুলি দাবী আমেৰিকান সেনাৰ। কিন্তু তালিবানৰ দাবী, তেওঁলোকে উক্ত বিমান আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰিব পাৰিব।











