![]()
নিউজ ডেস্কঃ
আমেৰিকান সেনাই কাবুল এৰাৰ দিনাই কাটাৰত বৈঠকত বহে ভাৰত আৰু তালিবান নেতৃত্ব। খবৰ মতে, কাটাৰৰ ৰাজধানী ডোহাত ভাৰতীয় দূতাবাসত তালিবানৰ ডোহা কাৰ্যালয়ৰ ভাৰপ্রাপ্ত নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাইৰ সৈতে বৈঠকত বহে কাটাৰত নিযুক্ত ভাৰতৰ ৰাষ্ট্রদূত দীপক মিট্টল। বৈঠকত ভাৰতৰ দাবী গুৰুত্ব সহকাৰে বিবেচনাৰ আশ্বাস তালিবানৰ।
কাটাৰৰ ডোহাত ৰাজনৈতিক কাৰ্যালয় খুলিছে তালিবানে। উক্ত কাৰ্যালয়ৰ অন্যতম দায়িত্বপ্রাপ্ত ব্যক্তি শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাই। তাৎপর্যপূর্ণ কথা, আমেৰিকান সেনাৰ আফগানিস্তান ত্যাগৰ পিছতেই মুখামুখী বৈঠকত ভাৰত আৰু তালিবান নেতৃত্ব।
ভাৰতৰ প্রতি তালিবান-বার্তাৰ পিছতেই দ্বিপাক্ষিক আলোচনাৰ কথা শুনা যায়। এই বৈঠকত আফগানিস্তানত আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ যিসকল ভাৰতলৈ আহিবলৈ ইচ্ছুক সেই দেশৰ নাগৰিক, বিশেষকৈ সংখ্যালঘুসকলৰ দ্রুত আৰু নিৰাপদ প্রত্যাবর্তনক লৈ দুয়োপক্ষৰ আলোচনা হৈছে। ৰাষ্ট্রদূত দীপক মিট্টলে তালিবান নেতাক স্পষ্টকৈ জনাইছে, আফগানিস্তানৰ মাটি যেন ভাৰতবিৰোধী সন্ত্ৰাসবাদী কার্যকলাপত ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। তালিবান নেতা ষ্টানেকজাই দীপক মিট্টলক জনাইছে, গুৰুত্ব সহকাৰে বিষয়বোৰ বিবেচনা কৰা হ’ব।











